অসম

assam

ETV Bharat / bharat

মহাৰাষ্ট্ৰত হত্যাৰ অভিযোগত এজনক গ্ৰেপ্তাৰ

হত্যাৰ অভিযোগত এজন ৩০ বছৰীয়া যুৱকক শনিবাৰে গ্ৰেপ্তাৰ কৰে মহাৰাষ্ট্ৰ আৰক্ষীয়ে । ঘটনা অনুসৰি, বিগত বৰ্ষৰ অক্টোবৰ মাহত এগৰাকী ৩২ বছৰীয়া মহিলাক হত্যা কৰা হৈছিল ।

By

Published : Jan 16, 2021, 1:05 PM IST

মহাৰাষ্ট্ৰত হত্যাৰ অভিযোগত এজনক গ্ৰেপ্তাৰ
মহাৰাষ্ট্ৰত হত্যাৰ অভিযোগত এজনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ১৬ জানুৱাৰী: দেশৰ বিভিন্ন প্ৰান্তত দৈনিক ইটোৰ পাচত সিটো অপৰাধমূলক ঘটনা সংঘটিত হৈ আহিছে । এনে অপৰাধমূলক ঘটনাৰ লগত জড়িত এজনক মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় এজন ৩০ বছৰীয়া যুৱকক । হত্যাৰ অভিযোগত শনিবাৰে গ্ৰেপ্তাৰ কৰে মহাৰাষ্ট্ৰ আৰক্ষীয়ে । ঘটনা অনুসৰি, বিগত বৰ্ষৰ অক্টোবৰ মাহত এগৰাকী ৩২ বছৰীয়া মহিলাক হত্যা কৰা হৈছিল । দুয়োৰে মাজত সুদীৰ্ঘ পাঁচ বছৰে প্ৰেমৰ সম্পৰ্ক আছিল আৰু মহিলাগৰাকীক প্ৰায়ে বলপূৰ্বকভাৱে বিবাহপাশত আৱদ্ধ হ'বলৈ হেঁচা প্ৰয়োগ কৰিছিল হত্যাকাৰী প্ৰেমিকে । প্ৰেমিকৰ এই কু অভিসন্ধিত পতিয়ন নগৈ অস্বীকাৰ কৰে প্ৰেমিকাই । যাৰ ফল স্বৰূপে প্ৰেমিকাগৰাকীক নৃশংসভাৱে হত্য়া কৰি অট্টালিকাৰ দেৱালত মৃতদেহ লুকুৱাই ৰাখিছিল ।

ঘটনা সন্দৰ্ভত প্ৰেমিকাৰ পৰিয়ালে আৰক্ষীক অৱগত কৰাত অনুসন্ধান চলাই মহাৰাষ্ট্ৰৰ বনগাঁৱৰ এটা অট্টালিকাত আত্মগোপন কৰি থকা অৱস্থাত হত্যাকাৰী প্ৰেমিকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ভাৰতীয় দণ্ডবিধিৰ হত্যা আৰু অন্য অভিযোগত বিভিন্ন ধাৰাৰ অধীনত ইতিমধ্যে গোচৰ ৰুজু কৰিছে মহাৰাষ্ট্ৰ আৰক্ষীয়ে ।

লগতে পঢ়ক:ভাৰতত প্ৰৱেশৰ বাবে সাজু তিনি চাৰি শতাধিক পাক প্ৰশিক্ষণপ্ৰাপ্ত সন্ত্ৰাসবাদী

ABOUT THE AUTHOR

...view details