নেশ্যনেল ডেস্ক,২৪ নৱেম্বৰ :ওড়িশাৰ গঞ্জামত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । বিষাক্ত সৰ্প ব্যৱহাৰ কৰি পত্নী আৰু কন্যাক হত্যাৰ অভিযোগ উঠিছে এজন লোকৰ বিৰুদ্ধে । অভিযোগ অনুসৰি পত্নী আৰু কন্যা শুই থকা অৱস্থাত তেওঁলোকৰ ওপৰত বিষাক্ত সৰ্প এৰি দিছিল । বিষাক্ত সৰ্পডালৰ দংশনত অৱশেষত দুয়োগৰাকীৰে মৃত্যু হয় । গঞ্জাম জিলাৰ কবিসূৰ্যনগৰ আৰক্ষী থানাৰ অন্তৰ্গত আধেৰবাৰ গাঁৱত এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে । ইতিমধ্যে অভিযুক্ত লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।
জানিব পৰা মতে গঞ্জাম জিলাৰ আধেৰবাৰ গাঁৱৰ বি খালি পানৰ দ্বিতীয় কন্যা বাসন্তী পানে প্ৰায় ৩ বছৰ পূৰ্বে উক্ত গাঁৱখনৰে কে. ধনু পানৰ কনিষ্ঠ পুত্ৰ কে. গণেশ পানৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল । কিন্তু যোৱা বছৰ গণেশে তেওঁৰ পত্নীৰ চৰিত্ৰৰ ওপৰত আঙুলি তুলিছিল । যাৰ বাবে তেওঁলোকৰ মাজত প্ৰায়ে কাজিয়া হৈছিল । আনকি ভুক্তভোগী বাসন্তীয়ে এই সন্দৰ্ভত পূৰ্বে আৰক্ষী থানাত অভিযোগো দাখিল কৰিছিল ।
আৰক্ষীয়ে গণেশক গ্ৰেপ্তাৰো কৰিছিল কিন্তু পাছত ধাৰা-৪১ ৰ অধীনত লিখিত প্ৰতিশ্ৰুতিৰ পাছত তেওঁক জামিন প্ৰদান কৰা হয় । তাৰ পাছৰে পৰা তেওঁলোক দুয়ো যোৱা কেইমাহমান ধৰি গণেশৰ ঘৰতে একেলগে বাস কৰি আছে । বিভিন্ন সময়ত গণেশে বাসন্তীক তেওঁৰ অভিযোগ উঠাই ল'বলৈ হেঁচা প্ৰয়োগ কৰিছিল আৰু পত্নী আৰু দুবছৰীয়া কন্যাক হত্যাৰো ভাবুকি দিছিল ।