অসম

assam

দিল্লী আৰক্ষীৰ জালত শিশু অপহৰণকাৰী

By

Published : Feb 14, 2021, 8:56 AM IST

শনিবাৰে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন শিশু অপহৰণকাৰী ৷ অপহৰণকাৰীজনৰ কবলৰ পৰা দিল্লী আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে প্ৰায় চাৰে তিনি বছৰীয়া এটি শিশু ৷

man-kidnaps-toddler-to-blackmail-mother-held
দিল্লী আৰক্ষীৰ জালত পৰিল শিশু অপহৰণকাৰী

নেশ্যনেল ডেস্ক,14 ফেব্ৰুৱাৰীঃ শনিবাৰে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এজন শিশু অপহৰণকাৰী ৷ অপহৰণকাৰীজনৰ কবলৰ পৰা দিল্লী আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় প্ৰায় চাৰে তিনি বছৰীয়া এটি শিশু ৷

প্ৰাপ্ত তথ্য অনুসৰি, শুকুৰবাৰে সন্ধিয়া প্ৰায় 5 বজাত অপহৃত শিশুটিৰ মাতৃক অপহৰণকাৰীয়ে শিশুটিক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছিল ৷ অপহৃত শিশুটিৰ মাতৃয়ে অপহৰণকাৰীৰ মাতটো শুনি চুবুৰীয়া প্ৰহ্লাদ ঠাকুৰ বুলি জানিব পাৰি আৰক্ষীক ফোনযোগে সমগ্ৰ ঘটনাটো অৱগত কৰে ৷

বৱানা আৰক্ষী থানাত ইতিমধ্যে এই সম্বন্ধে ৰুজু কৰা হৈছিল এটি গোচৰ ৷ অপহৃত শিশুটিক উদ্ধাৰ কৰিবলৈ দিল্লী আৰক্ষীয়ে এটা উদ্ধাৰকাৰী দল গঠন কৰে ৷ নিচেই কম সময়ৰ ভিতৰতে আৰক্ষীৰ দলটোৱে অভিযোগকাৰীৰ ঘৰৰ পৰা প্ৰায় ৫০ কিল’মিটাৰ নিলগত দক্ষিণ দিল্লীৰ ছতৰপুৰৰ ওচৰত সন্ধান লাভ কৰে অপহৰণকাৰীৰ ৷ শনিবাৰে প্ৰায় 7.15 বজাত আৰক্ষীয়ে ছতৰপুৰ মন্দিৰৰ ৰাস্তাৰ কাষৰ পৰা সোঁশৰীৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় অপহৃত শিশুটিক ৷ লগতে সেই স্থানৰ পৰাই আটক কৰিবলৈ সক্ষম হয় অপহৰণকাৰীক ৷

অভিযুক্তৰ ভাষ্য অনুসৰি দিল্লী আৰক্ষীয়ে মন্তব্য কৰে যে, অপহৰণকাৰী শিশুটিৰ চুবুৰীয়া আৰু তেওঁ অবিবাহিত ৷ শিশুটিৰ মাকক ব্লেকমেইল কৰি সহজ উপায়েৰে পইচা উপাৰ্জন কৰিবলৈ এই কাণ্ড সংঘটিত কৰিছিল ব্যক্তিজনে ৷ সেয়ে অপহৰণকাৰীৰ দাবী পূৰণ নকৰিলে পৰিয়ালবৰ্গক শিশুটিক হত্যাৰ ভাবুকি প্ৰদান কৰিছিল ৷

লগতে পঢ়কঃচন্দ্ৰপুৰত ৰে'ল পথৰ সুৰংগ খান্দি থকা অৱস্থাত ভূমিস্খলন: আবদ্ধ বহুজন

ABOUT THE AUTHOR

...view details