নেশ্যনেল ডেস্ক,১০ জুন :কেৰালাৰ পালাক্কাড জিলাত ৰহস্যজনক ঘটনা । ১০ বছৰ পূৰ্বে নিৰুদ্দেশ হোৱা এগৰাকী কিশোৰীক তেওঁৰ প্ৰেমিকৰ সৈতে উদ্ধাৰ কৰা হয় । বিগত ১০ বছৰ ধৰি কিশোৰীগৰাকী প্ৰেমিকৰ ঘৰৰ এটা কোঠাত আছিল । কিন্তু লক্ষণীয়ভাৱে এই কথা নাজানিছিল প্ৰেমিকৰ পৰিয়ালে । ইফালে কিশোৰী গৰাকীৰ ঘৰ আৰু প্ৰেমিকৰ ঘৰ ওচৰা-ওচৰি । তাৰ পিছতো ইমান দিনে কোনো শুংসূত্ৰ পোৱা নাছিল কিশোৰী গৰাকীৰ ।
আৰক্ষীয়ে জনোৱা মতে, কিশোৰীগৰাকী ২০১০ চনৰ ফেব্ৰুৱাৰী মাহত নেমাৰা আৰক্ষী থানা অঞ্চলৰ আইৰুৰৰ পৰা নিৰুদ্দেশ হৈছিল আৰু সেই সময়ত তেওঁৰ বয়স আছিল ১৮ বছৰ । আৰক্ষীয়ে সেই সময়ত এটা গোচৰ ৰুজু কৰি তদন্ত কৰিছিল । আৰক্ষীৰ মতে তেওঁ ২০২১ চনৰ মাৰ্চলৈকে যুৱকজনৰ(প্ৰেমিক) সৈতে আছিল । কাৰাকটুপাৰামব গাঁৱৰ এটা কোঠাত বাস কৰি আছিল দুয়োজনে ৷ কিশোৰীগৰাকী নিশা কোঠাটোৰ খিৰিকীৰে বাহিৰলৈ ওলাইছিল । আনকি কোঠাত নাছিল কোনো শৌচালয়ৰ ব্যৱস্থা । খাদ্যৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী দিয়াৰ পিছতে প্ৰেমিকে কোঠাটোত তলা লগাই দিছিল ।