নেশ্যনেল ডেস্ক, ১৪ জুন: দিল্লী(Delhi)ৰ পৰা পাটনালৈ যাত্ৰা কৰিবলগীয়া বিমান(FLIGHT)ত বোমা আছে বুলি মিছা খবৰ প্ৰচাৰ কৰাৰ অভিযোগত আটক হ'ল এজন যুৱক । দৰাচলতে ২২ বছৰীয়া যুৱকজনে সোমবাৰে দিল্লী আৰক্ষীলৈ ফোন কৰি বিমানখনত বোমা(Bomb) আছে বুলি কৈছিল ।
যুৱকজনৰ নাম আকাশদীপ বুলি জানিবলৈ দিছে দিল্লী আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই । আৰক্ষীয়ে জনোৱা মতে, যুৱকজন মানসিক ৰোগী আৰু তেওঁ চিকিৎসাৰ বাবে দেউতাকৰ সৈতে পাটনালৈ যাবলৈ আহিছিল ।
কিন্তু বিমানত উঠাৰ পিছতে যুৱকজনে আৰক্ষীলৈ ফোন কৰি বিমানত বোমা থকাৰ মিছা খবৰ দিয়ে । আৰক্ষীয়ে ইতিমধ্যে তেওঁৰ চিকিৎসাৰ নথি-পত্ৰ লাভ কৰিছে । যুৱকজনৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পিছতে জেৰা চলোৱা হ'ব আৰু জেৰাৰ ভিত্তিত পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।
বিমানখনত ৪৮ জনৰো অধিক যাত্ৰী আছিল । তেওঁলোকক আন এখন বিমানলৈ স্থানান্তৰ কৰা হয় । আনহাতে, প্ৰথম বিমানখন ভালদৰে পৰীক্ষা কৰা হৈছিল আৰু বিমানখনত বোমা নোহোৱাতো নিশ্চিত হৈছিল ।
লগতে পঢ়ক:বিজেপিত যোগদান তেলেংগানাৰ প্ৰাক্তন মন্ত্ৰী ইটালা ৰাজেন্দৰৰ