নেশ্যনেল ডেস্ক,১৩ মাৰ্চ: দাদৰ নগৰ হাভেলীত এগৰাকী ৪ বছৰীয়া কণমানিক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে এজন লোকক । ঘটনাৰ বিৱৰণী মতে, কণমানিজনীয়ে ঘৰৰ সমীপত খেলি আছিল । সেই স্থানৰ পৰা লোকজনে কণমানিজনীক লৈ যায় । পিছত কণমানিজনী ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰে ।
পৰিয়ালটোৱে এই বিষয়ে আৰক্ষীক অৱগত কৰে আৰু আৰক্ষীয়ে তাৎক্ষণিক অনুসন্ধান চলায় । ইয়াৰ পিছতে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে । অভিযুক্তৰ ফ্লেটৰ শৌচাগাৰৰ খিৰিকীৰ গ্লাচ ভঙা আছিল । আৰক্ষীয়ে ফ্লেটটোৰ শৌচাগাৰৰ পাইপলাইনৰ ওচৰত এটা বেগ উদ্ধাৰ কৰে আৰু এই বেগটোতে এগৰাকী কণমানিৰ শৰীৰ টুকুৰা কৰি ভৰাই থোৱা হৈছিল । আৰক্ষীয়ে অভিযুক্তৰ ফ্লেটত তেজৰ দাগো পাইছিল ।