নেশ্যনেল ডেস্ক,২১ জুলাই :দলিত সমাজৰ লোকসকল প্ৰায়ে বিভিন্ন ক্ষেত্ৰত বঞ্চিত হোৱাৰ খবৰ পোহৰলৈ আহে । কেতিয়াবা যদি সুবিধাৰ পৰা বঞ্চিত কেতিয়াবা আকৌ সমাজৰ আন আন শ্ৰেণীৰ দ্বাৰা অত্যাচাৰৰ বলি হয় দলিতসকল । এইবাৰ মধ্য প্ৰদেশৰ ধাৰ জিলাত তেনে এক ঘটনা সংঘটিত হৈছে । জিলাখনত থকা এটা মন্দিৰৰ ভিতৰত দলিতসকলক প্ৰৱেশত বাধা দিয়াৰ অভিযোগ উঠিছে । এজন লোকে তেওঁৰ মাটিত নিৰ্মাণ কৰা মন্দিৰত দলিতসকলক প্ৰৱেশত বাধা দিয়াৰ অভিযোগ উঠিছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে লোকজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ।
জানিব পৰা মতে ধাৰ জিলা সদৰৰ পৰা প্ৰায় ১২০ কিলোমিটাৰ দূৰৈত কুক্সি তহচিলৰ অন্তৰ্গত লোহৰি গাঁৱত বুধবাৰে এই ঘটনাটো সংঘটিত হয় । অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱেন্দ্ৰ পাতিদাৰে কোৱা মতে প্ৰহ্লাদ বিশ্বকৰ্মা নামৰ লোকজনে তেওঁৰ ভূমিত এটা মন্দিৰ নিৰ্মাণ কৰিছে আৰু ইয়াৰ ওচৰত এখন ব'ৰ্ড লগাইছে য'ত লিখা হৈছে যে উপাসনাস্থলী ৰাজহুৱা সম্পত্তি নহয়, ব্যক্তিগত সম্পত্তি ।