নেশ্যনেল ডেস্ক,১৩ এপ্ৰিল:সমগ্ৰ দেশতে চাইবাৰ অপৰাধৰ ঘটনা বৃদ্ধি হৈছে । অনলাইনত লোকক ঠগ-প্ৰবঞ্চনা আৰু ভয়-ভাবুকি দিয়াৰ বহু ঘটনা বিভিন্ন ঘটনা পোহৰলৈ অহা দেখা যায় । কিন্তু এইবাৰ দুষ্টচক্ৰৰ কৱলত পৰি আত্মহত্যাৰ পথ বাচি ল'লে বেংগালুৰুৰ এজন যুৱকে । জানিব পৰা মতে ৰাজস্থানৰ মেৱাটৰ এটা অনলাইন প্ৰৱঞ্চকৰ দলৰ কৱলত পৰিছিল যুৱকজন ।
আত্মহত্যাৰ পিছতে ভৰতপুৰ আৰক্ষীয়ে এই সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰু অধিক অনুসন্ধানৰ বাবে তেওঁলোকক বেংগালুৰুলৈ লৈ গৈছে । জানিব পৰা মতে প্ৰৱঞ্চকৰ দলটোৱে এগৰাকী মহিলাৰ নামত ছ'চিয়েল মিডিয়াত এটা ভুৱা প্ৰ'ফাইল খুলিছিল আৰু ভুক্তভোগী যুৱকজনৰ সৈতে যৌন বাৰ্তালাপত লিপ্ত হৈছিল ।