অসম

assam

ETV Bharat / bharat

হায়দৰাবাদ বিমানবন্দৰত নিষ্কাশন পাইপলাইন পৰিষ্কাৰ কৰিব গৈ এজনৰ মৃত্যু

বৃহস্পতিবাৰে শ্বমশাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নিষ্কাশন পাইপলাইনৰ পৰা উলোৱা বিষাক্ত গেছ উশাহত লোৱাৰ বাবে এজন লোকৰ মৃত্যু হয় । সম্প্ৰতি তেওঁক মৰণোত্তৰ পৰীক্ষাৰ বাবে গান্ধী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

Man cleaning drainage pipeline at Hyderabad airport dies after inhaling toxic fumes
হায়দৰাবাদ বিমানবন্দৰত নিষ্কাশন পাইপলাইন পৰিষ্কাৰ কৰা এজন ব্যক্তিৰ বিষাক্ত গেছ উশাহত লোৱা বাবে মৃত্যুৰ অভিযোগ

By

Published : Jun 18, 2021, 11:59 AM IST

নেশ্যনেল ডেস্ক, 18 জুন : বৃহস্পতিবাৰে শামছাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নিষ্কাশন পাইপলাইনৰ পৰা নিৰ্গত হোৱা বিষাক্ত গেছত উশাহ লোৱা বাবে নৰসিংহ ৰেড্ডী নামৰ এজন লোকৰ মৃত্যু হয় । আনহাতে, বিমানবন্দৰত নৰসিংহ ৰেড্ডীৰ লগত কৰ্মৰত আন দুজন কৰ্মচাৰীকো তাৎক্ষণিক চিকিৎসা সহায়ৰ বাবে বিমানবন্দৰৰ জৰুৰীকালীন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় ।

শামছাবাদৰ আৰক্ষী উপায়ুক্ত(ডিচিপি) প্ৰকাশ ৰেড্ডীয়ে জানিবলৈ দিয়া অনুসৰি, বিমানবন্দৰটোত তিনিজন মানুহে নিষ্কাশন ৰোধ কৰিবলৈ নিষ্কাশন পাইপত এচিড ঢালিছিল ৷ নিষ্কাশন পাইপত এচিড ঢলাত তাৰ পৰা বিষাক্ত গেছ উলাই আৰু নৰসিংহ ৰেড্ডী অচেতন হৈ পৰে ৷ নৰসিংহ ৰেড্ডীৰ লগত তেওঁৰ দুজন সহকৰ্মী আছিল ৷

ঘটনা সংঘটিত হোৱা পিচতে তিনিওজনকে ততাতৈয়াকৈ চিকিৎসাৰ বাবে কেন্দ্ৰলৈ লৈ যোৱা হৈছিল যদিও নৰসিংহ ৰেড্ডীৰ মৃত্যু হয় । আনহাতে, নৰসিংহ ৰেড্ডীক সহায় কৰি থকা আন দুজন এতিয়া সুৰক্ষিত বুলি জানিবলৈ দিয়ে বিষয়াজনে । উল্লেখ্য যে, মৃতকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে গান্ধী চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় ।

লগতে পঢ়ক : ৰাজ্যত পুনৰ ৪.১ প্ৰাব্যল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত

ABOUT THE AUTHOR

...view details