অসম

assam

ETV Bharat / bharat

Cylinder explodes in car: তামিলনাডুত বাহনৰ ভিতৰত বিস্ফোৰণ, মৃত্যু এজনৰ - আৰক্ষী সঞ্চালক প্ৰধান

তামিলনাডুৰ কইম্বাটুৰ জিলাৰ উক্কাডামত এখন বাহনৰ ভিতৰত বিস্ফোৰণ (LPG Cylinder in Moving Car Blasts) ৷ বিস্ফোৰণটোত এজন লোকৰ মৃত্যু (Explosion inside car in Ukkadam) ৷

man charred to death after cylinder explodes in car
তামিলনাডুত বাহনৰ ভিতৰত বিস্ফোৰণ, মৃত্যু এজনৰ

By

Published : Oct 24, 2022, 7:39 AM IST

Updated : Oct 24, 2022, 2:26 PM IST

নেশ্যনেল ডেস্ক, 24 অক্টোবৰ: তামিলনাডুৰ কইম্বাটুৰ জিলাৰ উক্কাডামত এখন বাহনৰ ভিতৰত বিস্ফোৰণ (LPG Cylinder in Moving Car Blasts) ৷ বিস্ফোৰণটোত এজন লোকৰ মৃত্যু ঘটে (Explosion inside car in Ukkadam) ৷ এই ঘটনাৰ পিছতেই দেওবাৰে তামিলনাডুৰ আৰক্ষী সঞ্চালক প্ৰধান চিলেন্দ্ৰ বাবুৱে সংবাদ মাধ্যমক জনোৱা অনুসৰি, পটাছিয়াম নাইট্ৰেট, এলুমিনিয়াম, আৰু চালফাৰৰ দৰে বোমা তৈয়াৰৰ বিভিন্ন ৰাসায়নিক পদাৰ্থকে ধৰি অন্যান্য সামগ্ৰী মৃত লোকজনৰ বাসগৃহত উদ্ধাৰ কৰা হৈছিল । মৃত লোকজনৰ নাম জেমিছা মুবিন (২৫) ৷ ২০১৯ চনত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই (ANI) লোকজনৰ বিৰুদ্ধে চলাইছিল অনুসন্ধান (National Investigation Agency)।

আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে লগতে কয়, " আমি বিস্ফোৰণস্থলীৰ পৰা কিছু সামগ্ৰীও উদ্ধাৰ কৰিছো । অৱশ্যে মৃত লোকজন কোনো নিষিদ্ধ সংগঠনৰ সৈতে জড়িত নহয় । ২০১৯ চনত এন আই এয়ে তেওঁক সোধা-পোছা কৰিছিল যদিও সংস্থাটোৱে ব্যক্তিজনৰ বিৰুদ্ধে কোনো তথ্য পোৱা নাছিল যিহেতু কোনো গোচৰো ৰুজু কৰা হোৱা নাছিল । আমি ইতিমধ্যে বিস্ফোৰণৰ সময়ত বাহনখনত থকা চিলিণ্ডাৰ আৰু বাহনৰ উৎস উলিয়াইছো" (Man charred to death) ৷

লগতে পঢ়ক:JK Police and 23 RR Army joint search operation: বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ জব্দ

আৰক্ষী সঞ্চালক প্ৰধান চিলেন্দ্ৰ বাবুৱে লগতে কয়,"এয়া আত্মঘাতী আক্ৰমণ হ'ব নোৱাৰে । অনুসন্ধানকাৰী সংস্থাই মবিনৰ মোবাইল ফোনটো জব্দ কৰাৰ লগতে চিডিআৰ সংগ্ৰহ কৰাৰ লগতে তেওঁৰ সৈতে সম্পৰ্কত থকা সন্দেহজনক লোকসকলৰো সন্ধানত আমাৰ দল ব্যস্ত হৈ পৰিছে । উল্লেখ্য যে, মবিনৰ বাসগৃহ পৰা প্ৰায় চাৰি কিলোমিটাৰ দূৰত্বত সংঘটিত হৈছিল এই বিস্ফোৰণ ।"

ইয়াৰ পূৰ্বে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান থামাৰাই কান্নানে কয় যে বিষয়টোৰ সম্পূৰ্ণ তদন্তৰ পিছতহে ঘটনাৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব । তেওঁ লগতে কয় যে এই ঘটনাৰ তদন্তৰ বাবে আৰক্ষীৰ ৬ জনীয়া এটা দল গঠন কৰি দিয়া হৈছে ।

লগতে পঢ়ক:Helicopter Crash in Arunachal Pradesh: অৰুণাচল প্ৰদেশৰ মিজিঙত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

Last Updated : Oct 24, 2022, 2:26 PM IST

ABOUT THE AUTHOR

...view details