নেশ্যনেল ডেস্ক, ২০ আগষ্ট :দেশত সন্ত্ৰাসবাদ বিৰোধী অভিযান অব্যাহত আছে (Counter terrorism operations in India)। বহু স্থানত আৰক্ষী আৰু ATSৰ দলে শেহতীয়াকৈ অভিযান চলায় সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ মাজতে কিছুদিন পূৰ্বে পাঞ্জাৱ আৰক্ষীৰ এজন বিষয়াৰ বাহনৰ তলত আইইডি স্থাপন কৰিছিল দুৰ্বৃত্তই (IED planted under Punjab police vehicle)। যি ঘটনাই সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । বাহনৰ তলত আইইডি ৰখাৰ সময়ত সকলো দৃশ্য বন্দী হৈছিল চিচিটিভি কেমেৰাত ।
সমগ্ৰ ঘটনাক লৈ আৰক্ষী আৰু ATSৰ দলে তদন্ত অব্যাহত ৰাখিছিল । অৱশেষত এই ঘটনাত জড়িত থকাৰ সন্দেহত শনিবাৰে মহাৰাষ্ট্ৰৰ ATSৰ দলে এজন লোকক গ্ৰেপ্তাৰ কৰে (Maharashtra ATS arrested a man)। এগৰাকী বিষয়াই জনোৱা মতে লোকজনক শিৰডীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ।