নেশ্য়নেল ডেস্ক, ৩ জানুৱাৰী : নতুন দিল্লীত দেওবাৰে সংঘটিত হয় এক লোমহৰ্ষক ঘটনা । দিল্লীৰ ৰঘুবীৰ নগৰত একাংশ লোকে মৰিয়াই মৰিয়াই হত্য়া কৰে এজন ২৭ বছৰীয়া যুৱকক । মৃত যুৱকজন শিৱাজী নগৰৰ জনতা কলনীৰ বাসিন্দা সতেন্দৰ বুলি জানিব পৰা গৈছে । এই ঘটনাৰ পাছতে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত ।
আৰক্ষীৰ মতে সতেন্দৰ, তেওঁৰ দুই সতীৰ্থ নিতিন আৰু মনিষৰ সৈতে বিকী নামৰ এজন যুৱকৰ কাজিয়াৰ সূত্ৰপাত হৈছিল । তাৰ পাছতে বিকী আৰু তেওঁৰ সহযোগীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰে সতেন্দৰক । ঘটনাৰ পাছতে সতেন্দৰক গুৰু গোবিন্দ সিং হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিসকে মৃত ঘোষণা কৰে তেওঁক ।