অসম

assam

ETV Bharat / bharat

Kolkata Police arrests man : পাকিস্তানী চোৰাংচোৱাক ভাৰতৰ ফটো আৰু ভিডিঅ' প্ৰেৰণ, বিহাৰৰ পৰা গ্ৰেপ্তাৰ এজন - Kolkata police

পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে জড়িত এগৰাকী মহিলাক ভাৰতৰ বিভিন্ন চহৰৰ ফটো আৰু ভিডিঅ' প্ৰেৰণ কৰিছিল বিহাৰৰ লোকজনে । লোকজনৰ ঘৰৰ পৰা কেইবাখনো আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডো জব্দ কৰিছে আৰক্ষীয়ে ।

Kolkata Police arrests man
পাকিস্তানী চোৰাংচোৱাক ভাৰতৰ ফটো আৰু ভিডিঅ' প্ৰেৰণ

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 2:02 PM IST

নেশ্যনেল ডেস্ক,২৬ আগষ্ট :পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে পোনপটীয়াকৈ জড়িত এগৰাকী মহিলাক ভাৰতৰ বিভিন্ন চহৰৰ ফটো আৰু ভিডিঅ' প্ৰেৰণ কৰি বিপদত এজন লোক । কলকাতা আৰক্ষীৰ বিশেষ টাস্ক ফ'ৰ্চে (এছটিএফ) গ্ৰেপ্তাৰ কৰিছে লোকজনক । জানিব পৰা মতে ভাৰতৰ পৰা বিভিন্ন ভাৰতীয় চহৰৰ ফটো আৰু ভিডিঅ' পাকিস্তানত বাস কৰা মহিলাগৰাকীক শ্বেয়াৰ কৰিছিল লোকজনে ।

লোকজনক ভকত বংশী ঝা বুলি চিনাক্ত কৰা হৈছে । কলকাতা আৰক্ষীৰ এছটিএফৰ এগৰাকী শীৰ্ষ বিষয়াই জনোৱা মতে যিহেতু ই ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বিষয় সেয়ে এই সময়ত মহিলাগৰাকীৰ স্থিতি আৰু পৰিচয় প্ৰকাশ কৰা হোৱা নাই । কিন্তু মহিলাগৰাকী পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে পোনপটীয়াকৈ জড়িত বুলি নিশ্চত এছটিএফৰ বিষয়াসকল ।

কলকাতা আৰক্ষীৰ সূত্ৰ অনুসৰি ঝাৰ ঘৰত তালাচী চলাই একাধিক ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড উদ্ধাৰ কৰা হৈছে । ইফালে ধৃত লোকজন পাকিস্তানলৈ গৈছিল নে পাকিস্তানী মহিলাগৰাকী ভাৰতলৈ আহিছিল সেই বিষয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে ।

বিশেষ সূত্ৰৰ মতে লোকজনে মুম্বাই, দিল্লী আৰু কলকাতাকে ধৰি ভাৰতৰ কেইবাখনো গুৰুত্বপূৰ্ণ চহৰলৈ ভ্ৰমণ কৰিছিল । আৰক্ষীয়ে সন্দেহ কৰিছে যে চহৰসমূহৰ বিভিন্ন ফটো আৰু ভিডিঅ' ইতিমধ্যে পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে শ্বেয়াৰ কৰা হৈছে । কলকাতা আৰক্ষীৰ এছটিএফৰ এটা দলক ইতিমধ্যে অধিক অনুসন্ধানৰ বাবে বিহাৰলৈ প্ৰেৰণ কৰা হৈছে । ধৃত লোকজনক ট্ৰেঞ্জিট ৰিমাণ্ডত কলকাতালৈ অনা হ'ব । কলকাতা আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ (এনআইএ) সৈতেও যোগাযোগ কৰি আছে ।

জানিব পৰা মতে ঝাই দিল্লীস্থিত কুৰিয়াৰ কোম্পানী এটাত কাম কৰিছিল আৰু কামৰ বাবে সমগ্ৰ ভাৰত ভ্ৰমণ কৰিছিল । কলকাতা আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সূত্ৰৰ মতে তেওঁ বিশেষ ছফ্টৱেৰ ব্যৱহাৰ কৰি ফটো আৰু ভিডিঅ' পাকিস্তানলৈ প্ৰেৰণ কৰিছিল । বিহাৰত বাস কৰা স্বত্বেও ঝাই কেইবাবাৰো কলকাতা ভ্ৰমণ কৰিছিল আৰু যোৱা তিনি মাহত ঝাই কলকাতাৰ কেইবাটাও স্থানত আছিল । আৰক্ষীয়ে অভিযোগ কৰিছে যে লোকজনে স্পৰ্শকাতৰ অঞ্চলৰো ফটো তুলিছিল আৰু ছফ্টৱেৰৰ জৰিয়তে পাকিস্তানত বাস কৰা মহিলাগৰাকীৰ সৈতে শ্বেয়াৰ কৰিছিল ।

লগতে পঢ়ক :Woman murdered in train : ৰঙাঘৰৰ আলহী হ’ল গুৱাহাটীৰ চলন্ত ৰে’লত মহিলাক হত্যা কৰা অভিযুক্তটো

ABOUT THE AUTHOR

...view details