নেশ্যনেল ডেস্ক,১২ ছেপ্টেম্বৰ :শ্ৰদ্ধা-কাণ্ড বা মীৰা ৰোডৰ হত্যাকাণ্ডৰ কথা দেশবাসীয়ে হয়টো পাহৰি যোৱা নাই । দেশবাসীক কঁপাই যোৱা সেই ঘটনাবোৰক লৈ আজিও উদ্বিগ্ন সকলো । ইয়াৰ মাজতে পুনৰ এবাৰ অনুৰূপ ঘটনা সংঘটিত হৈছে । এইবাৰ স্থান পালঘৰ । মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত এজন ৪৩ বছৰীয়া লোকে তেওঁৰ লিভ-ইন পাৰ্টনাৰক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । আৰক্ষীয়ে জনোৱা মতে ২৮ বছৰীয়া ভুক্তভোগী মহিলাগৰাকীয়ে মৃত্যুৰ পূৰ্বে লিভ-ইন পাৰ্টনাৰৰ বিৰুদ্ধে ধৰ্ষণৰো অভিযোগ কৰিছিল ।
আৰক্ষীয়ে জনোৱা মতে ঘটনাটো ৯ ৰ পৰা ১২ আগষ্টৰ ভিতৰত সংঘটিত হৈছিল । কিন্তু ২৮ বছৰীয়া ভুক্তভোগী মহিলাগৰাকীৰ মৃতদেহ এতিয়াও পোৱা হোৱা নাই । আৰক্ষীয়ে জনোৱা মতে পালঘৰৰ ভাচাই অঞ্চলৰ বাসিন্দা অভিযুক্তজনক মঙলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।
আৰক্ষীয়ে জনোৱা মতে, ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালে ১৪ আগষ্টত নাইগাঁও আৰক্ষীৰ ওচৰত নিৰুদ্দেশৰ এক অভিযোগ দাখিল কৰিছে । আৰক্ষীয়ে সন্দেহ কৰা মতে অভিযুক্তজনে গুজৰাটৰ চুবুৰীয়া ৱাপী চহৰত মৃতদেহটো নিষ্কাশন কৰিছে । প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে, ভুক্তভোগীয়ে ধৰ্ষণৰ অভিযোগ দাখিল কৰাৰ বাবে অভিযুক্তজন ক্ষোভিত হৈছিল যাৰ বাবে মহিলাগৰাকীক তেওঁ হত্যা কৰিছিল ।
আৰক্ষীয়ে জনোৱা মতে মহিলাগৰাকীয়ে অভিযোগটো প্ৰত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰিছিল । সেয়েহে লোকজনে তেওঁক হত্যা কৰাৰ অভিযোগ উঠিছে । নাইগাঁও আৰক্ষীয়ে ভুক্তভোগীৰ ভগ্নীৰ অভিযোগৰ ভিত্তিত সোমবাৰে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০২ (হত্যা) আৰু ২০১ (প্ৰমাণ নাইকিয়া কৰা)ৰ অধীনত অভিযুক্তজনৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছে । আৰক্ষী সূত্ৰৰ মতে পূৰ্বে অভিযুক্তজনে আত্মহত্যাৰ চেষ্টা কৰাৰো এক অভিযোগ উত্থাপিত হৈছিল ।
লগতে পঢ়ক :Mumbai murder case : সংগীক কাটি, টুকুৰা কৰি মৃতদেহ সিজালে কুকাৰত