নিউজ ডেস্ক, 13 জুলাই : পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনকাৰ আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সাক্ষাৎ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্তক বিশ্ব শৰ্মাৰ (Assam CM meets West Bangal CM) ৷ দাৰ্জিলিঙৰ ৰাজভৱনত আজি দুয়োকে সাক্ষাৎ কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ জগদীপ ধনকাৰ আৰু মমতা বেনাৰ্জীক ফুলাম গামোচা উপহাৰ যাঁচে ড৹ শৰ্মাই ৷ একেদৰে মমতা বেনাৰ্জীয়েও ড৹ হিমন্ত বিশ্ব শৰ্মাক উপহাৰ দিলে পশ্চিমবংগৰ গামোচা ৷
ৰাজভৱনৰ পৰা ওলাই আহি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে, তিনি ঘন্টাজোৰা বৈঠকখন যথেষ্ট সৌহাৰ্দপূৰ্ণ আছিল (Mamta Banerjee meets Himanta Biswa Sarma) ৷ অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে সাক্ষাৎ হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘‘মই যেতিয়া কামাখ্যা দৰ্শনৰ বাবে গৈছিলোঁ, তেতিয়া অসম চৰকাৰে সহায় কৰিছিল ৷ মই ভাবো যে কাষৰীয়া দুয়োখন ৰাজ্যৰ মাজৰ সম্পৰ্ক ভালে থকা উচিত ৷ তাৰোপৰি অসমৰ সৈতে সীমাৰ ভাগ-বাটোৱাৰা আছে পশ্চিমবংগৰ’’ ৷