অসম

assam

ETV Bharat / bharat

মমতা বনাম সুভেন্দু বনাম মিনাক্ষী–নন্দীগ্ৰাম আৰু ৭০-৩০ সুত্ৰ - মমতা বনাম সুভেন্দু বনাম মিনাক্ষী–নন্দীগ্ৰাম আৰু ৭০-৩০ সুত্ৰ

নিৰ্বাচনাসন্ন বংগত এখন নতুন খেলৰ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে ৷ এক নিৰ্দিষ্ট নিয়মাৱলী নাইবা এটা বিশেষ ধৰ্মৰ লেখীয়াকৈ, যোৱা দহটা বছৰ ধৰি তৃণমূল কংগ্ৰেছৰ ছুপ্ৰিম’ মমতা বেনাৰ্জীৰ প’ষ্টাৰ আৰু বিজ্ঞাপনবোৰত এক সাধাৰণ বৈশিষ্ট দেখিবলৈ পোৱা গৈছিল ৷ কিন্তু নিৰ্বাচনী প্ৰচাৰ অভিযানত মমতা বেনাৰ্জীয়ে হিন্দু সকলৰ পৱিত্ৰ পুথি সমূহৰ পৰা উদ্ধৃতি দি মন্ত্ৰ আৰু শ্লোক উচ্চাৰণ কৰিছে ! তাকো, এনে এক নিৰ্বাচনত য’ত স্বয়ং প্ৰাৰ্থী গৰাকীয়েই হৈছে তেওঁ নিজেই ? ই এটা এনে বিষয় যিটো জনগণে কস্মিনকালেহে মনত ৰাখিব পাৰিব ?

মমতা বনাম সুভেন্দু বনাম মিনাক্ষী–নন্দীগ্ৰাম আৰু ৭০-৩০ সুত্ৰ
মমতা বনাম সুভেন্দু বনাম মিনাক্ষী–নন্দীগ্ৰাম আৰু ৭০-৩০ সুত্ৰ

By

Published : Mar 19, 2021, 9:12 AM IST

নিৰ্বাচনাসন্ন বংগত এখন নতুন খেলৰ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে ৷ এক নিৰ্দিষ্ট নিয়মাৱলী নাইবা এটা বিশেষ ধৰ্মৰ লেখীয়াকৈ, যোৱা দহটা বছৰ ধৰি তৃণমূল কংগ্ৰেছৰ ছুপ্ৰিম’ মমতা বেনাৰ্জীৰ প’ষ্টাৰ আৰু বিজ্ঞাপনবোৰত এক সাধাৰণ বৈশিষ্ট দেখিবলৈ পোৱা গৈছিল ৷ কিন্তু নিৰ্বাচনী প্ৰচাৰ অভিযানত মমতা বেনাৰ্জীয়ে হিন্দু সকলৰ পৱিত্ৰ পুথি সমূহৰ পৰা উদ্ধৃতি দি মন্ত্ৰ আৰু শ্লোক উচ্চাৰণ কৰিছে ! তাকো, এনে এক নিৰ্বাচনত য’ত স্বয়ং প্ৰাৰ্থী গৰাকীয়েই হৈছে তেওঁ নিজেই ? ই এটা এনে বিষয় যিটো জনগণে কস্মিনকালেহে মনত ৰাখিব পাৰিব ?

আনহাতে, স্পেক্ট্ৰামৰ ইটো ফালে, প্ৰচাৰ অভিযানস্থলীৰ নিকটৱৰ্তী মন্দিৰবোৰত এপাক ৰৈ যোৱাটো যিকোনো বি জে পি নেতাৰ বাবেই জৰুৰী, লাগিলে সেইয়া দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা বা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেই নহওক কিয় ৷ আনকি গেৰুৱা বাহিনীৰ নৱীনতম সদস্য, অভিনেতা মিথুন চক্ৰৱৰ্তীকো কলকাতাত তেওঁৰ সম্পৰ্কীয় মানুহ এঘৰৰ কালি মন্দিৰৰ সন্মুখত বহি, তেওঁ কেনেকৈ প্ৰতিদিনে পুৱাই মন্ত্ৰোচ্চাৰণ কৰি প্ৰাৰ্থনা আগবঢ়াই সেই কথা ৰহণ লগাই বৰ্ণনা কৰি থকা দেখা গৈছিল ৷

হঠাতে, ২০২১ চনৰ গ্ৰীষ্মত সকলো নেতাকে বংগৰ ৰাজনৈতিক নিৰ্বাচনী প্ৰচাৰ অভিযানৰ বাবে মন্দিৰৰ চৌহদত প্ৰৱেশ কৰা দেখিবলৈ পোৱা গৈছে ৷ ইয়াৰ অৰ্থ এইটো নে কি যে বংগত ধ্ৰুৱীকৰণে এতিয়া সৱলভাৱে খোজ পেলাইছে ? নে মমতা বেনাৰ্জীৰ বাবে এইয়া তাৎক্ষণিক বিপদ ?

ইয়াৰ উত্তৰৰ বাবে মমতা বেনাৰ্জীৰ কথাতে পোৱা গৈছিল ৷ কিয়নো তেওঁ, বিশেষকৈ নন্দীগ্ৰামত তেওঁৰ নিৰ্বাচনী অভিযানৰ সময়ত ‘৭০-৩০ সুত্ৰ’ৰ কথা উল্লেখ কৰিছিল আৰু ইয়াৰ পৰাই তেওঁ বি জে পিৰ সুভেন্দু অধিকাৰী আৰু চি পি আই (এম)ৰ মিনাক্ষী মুখাৰ্জীৰ বিৰুদ্ধে নিজৰ ভাগ্য জুখি চাবলৈ চেষ্টা কৰিছে ৷

এই কথা তেতিয়া আৰু স্পষ্ট হৈ পৰিছিল যেতিয়া বি জে পিৰ সুভেন্দু অধিকাৰীয়ে নন্দীগ্ৰামত ‘৬২ হাজাৰ বনাম ২.১৩ লাখ’ সমীকৰণৰ বিষয়ে উল্লেখ কৰিছিল ৷ অধিকাৰীয়ে তেওঁৰ ভাষণত সুস্পষ্টকৈ কোনো ধৰ্মৰ কথা উল্লেখ কৰা নাছিল; কিন্তু যেতিয়া বংগৰ পৰিচিত বিধান সভা আসনখনৰ জনগাঠনিলৈ মন কৰা যায় তেতিয়া তেওঁৰ এই ইংগিত অধিক স্পষ্ট হৈ পৰে ৷

নন্দীগ্ৰামত প্ৰায় ৬২ হাজাৰ মুছলিমে প্ৰায় ২.১৩ লাখ হিন্দুৰ সৈতে বসবাস কৰি আহিছে ৷ মমতা আৰু সুভেন্দুৰ সমীকৰণ আৰু ইংগিতবোৰ খুবেই স্পষ্ট ৷ নন্দীগ্ৰাম আৰু ৰাজ্যখনৰ কেইবাটাও প্ৰান্তত ক্ৰমান্বয়ে ধৰ্মীয় ধ্ৰুৱীকৰণৰ পদচিহ্ন স্পষ্ট হোৱা দেখিবলৈ পোৱা গৈছে ৷

নন্দীগ্ৰামৰ পূৰ্ৱ মেদিনীপুৰ অঞ্চলৰ চৌপাশে চন্দী মন্ত্ৰ তথা হিন্দু সকলৰ পৱিত্ৰ মন্ত্ৰৰ গুঞ্জন শুনিবলৈ পোৱা গৈছে ৷ আমোদজনক কথাটো হ’ল যে, নন্দীগ্ৰামবাসীয়ে সহস্ৰাব্দত এইবাৰেই প্ৰথমবাৰৰ বাবে এনে কোনো নিৰ্বাচনী যুঁজ প্ৰত্যক্ষ কৰিবলৈ পাইছে, য’ত মূল যুজোধাম দল কেইটাৰ তৰফৰ পৰা সংখ্যালঘু মুছলিম সম্প্ৰদায়ৰ প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব আগবঢ়োৱা হোৱা নাই ৷ তৃণমূল কংগ্ৰেছৰ মমতা বেনাৰ্জী, বি জে পিৰ সুভেন্দু অধিকাৰী আৰু চি পি আই (এম)ৰ মিনাক্ষী মুখাৰ্জী--- তিনিওগৰাকী সংখ্যা গৰিষ্ঠ হিন্দু সম্প্ৰদায়ৰ প্ৰাৰ্থী ৷ প্ৰশ্ন হয়, দলবোৰে সংখ্যালঘু মুছলিম সকলৰ ভোটক আওকান কৰি নন্দীগ্ৰামত জয় সাব্যস্ত কৰিব পাৰিব নে ? ইয়াৰ উত্তৰ নন্দীগ্ৰামৰ প্ৰায় ২৭ শতাংশ মুছলিম জনসাধাৰণৰ মাজত আৱদ্ধ হৈ আছে ৷

যদি মমতা বেনাৰ্জীয়ে অন্য কোনো সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সিদ্ধান্ত ল'লেহেতেন তেতিয়া হয়তো বি জে পিৰ ধ্ৰুৱীকৰণৰ সমীকৰণ সফল হ’ব পাৰিলেহতেন ৷ কিন্তু, বৰ্তমান তেওঁ বি জে পিৰ বাবে তাৎক্ষণিক বিপদ হিচাপে দেখা দিছে ৷ তেওঁ প্ৰকৃততেই এক বলিষ্ঠ ব্যক্তিত্ব, যাৰ সংখ্যা গৰিষ্ঠ হিন্দু সকলৰ ভোত ভাগ কৰাৰ সক্ষমতা আছে ৷ নাটকখনত ‘৭০-৩০ সুত্ৰ’ৰ উপপাদ্যটি ভালকৈয়ে ব্যৱহৃত হৈছে ৷ ইফালে এই জটিলতাবোৰতেই আকৌ অতিৰিক্তভাৱে ৰহণ সানিছে নন্দীগ্ৰামৰ চি পি আই (এম)ৰ যুৱ প্ৰত্যাসী মিনাক্ষী মুখাৰ্জীৰ আগমনে ৷ এগৰাকী সংগ্ৰামী মহিলা মুখাৰ্জীয়ে ইতিমধ্যেই তেওঁৰ প্ৰচাৰ অভিযানবোৰত যথেষ্ট সাহসৰ পৰিচয় দিবলৈ সক্ষম হৈছে ৷ তেওঁৰ আগমনে নিশ্চিতভাৱেই বি জে পি আৰু তৃণমূল কংগ্ৰেছ, দুয়োটা দলে অধীৰ আগ্ৰহেৰে দৃষ্টি নিৱব্ধ কৰি থকা সংখ্যা গৰিষ্ঠ হিন্দু ভোটাৰ খিনিৰ জোলোঙাটোত বহল ছিদ্ৰ এটা কৰিব ৷

এইবোৰৰ পাচতো এই নিৰ্বাচনৰ সৈতে যুক্ত হৈছে ‘ছ’ছেল ইঞ্জিনিয়াৰিঙ’ৰ দিশটোও ৷ যাৰ জৰিয়তে তৃণমূল কংগ্ৰেছে ব্যাপকভাৱে ভোটাৰ সকলক বিভক্ত কৰাতহে মনোনিৱেশ কৰিছে ৷ এখন “আদৰ্শ নন্দীগ্ৰাম”ৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ পৰিৱৰ্তে মমতা বেনাৰ্জীয়ে তেওঁৰ দলীয় ইস্তাহাৰত পিচপৰা শ্ৰেণীৰ বাবে পৃথক আৰক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলিহে ঘোষণা কৰিছে ৷ নন্দীগ্ৰাম এই জালত পৰিবনে ? নে ব্যক্তি ভোটৰ প্ৰতি ধাৱিত হ’ব ? দিনক দিনে এনে প্ৰশ্নৰ উত্তৰ পোৱাটো কঠিনহে হৈ পৰিছে ৷

মমতা বেনাৰ্জীয়ে ঘোষণা কৰা ২১ জনীয়া প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ তালিকাত চকুত পৰাকৈ মুছলিম প্ৰাৰ্থীৰ সংখ্যা হ্ৰাস পাইছে আৰু এই কাৰ্যই ইতিমধ্যেই সকলোকে অচৰিত কৰি তুলিছে ৷ কিয়নো ২০১৬ চনত ৫৩ জন মুছলিম প্ৰাৰ্থীক প্ৰাৰ্থিত্ব পদান কৰা এই একেগৰাকী মমতা বেনাৰ্জীয়েই সংখ্যালঘু সম্প্ৰদায়টোৰ পৰা মাত্ৰ ৩৫ জন প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৷ ২০১৬ চনৰ বিধানসভা নিৰ্বচনত ৫৩ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৩৫ জনেই বিজয়ী হৈছিল ৷ তেন্তে এইবাৰ কিয় মমতা বেনাৰ্জীয়ে এই সংখ্যা হ্ৰাস কৰিলে ? ৰাজনৈতিক পৰ্যবেক্ষক সকলে দাবী কৰিছে যে মমতাই তেওঁৰ বিৰোধী দল বি জে পিয়ে আৰম্ভ কৰা ধৰ্মীয় ধ্ৰুৱীকৰণৰ জালখনত ইচ্ছাকৃতভাৱেই ভৰি দিছে ৷

মমতা বেনাৰ্জীয়ে কম সংখ্যক মুছলিম প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰি অনুসূচিত জনগোষ্ঠীবোৰৰ অধিক সংখ্যক প্ৰাৰ্থীৰ বাবে পথ প্ৰশস্ত কৰি দিলে ৷ তৃণমূল কংগ্ৰেছৰ ‘ছুপ্ৰিম’ গৰাকীয়ে ২০১৯ চনৰ লোক সভা নিৰ্বচনৰ ফলাফলৰ পৰা শিক্ষা ল’ব লাগিছিল ৷ কিয়নো তেওঁৰ অপ্ৰিয় দল বি জে পিয়ে এই নিৰ্বাচনত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সকলৰ বাবে সংৰক্ষিত থকা ৮৪ খন বিধানসভা আসনৰ ভিতৰত ৪৬ খনতে জয় সাব্যস্ত কৰি এক সুন্দৰ অগ্ৰগতি লাভ কৰিছিল ৷

তেন্তে মমতা বেনাৰ্জী সুনিশ্চিত নে কি যে বিগত ২০১১ আৰু ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ দৰেই মুছলিম ভোটাৰ সকলে তৃণমূল কংগ্ৰেছৰ কাষত সমবেত হ’ব ? নে তেওঁ বি জে পিৰ দাৰা হিন্দু সকলৰ প্ৰতি-ধ্ৰুৱীকৰণৰ প্ৰতিহে অধিক উদ্বিগ্ন ? নে তেওঁ নিজৰ ব্যক্তিত্বৰে ’৭০-৩০ সুত্ৰ’ৰ পৰা যিমান পাৰি সিমান লাভান্বিত হ’বলৈ বিচাৰিছে ? উত্তৰবোৰ বিচাৰিবলৈ গাঁৱলীয়া বংগখনৰ ধাননি পথাৰ নহ’লে মৎস্য পালন কৰা পুখুৰীবোৰ চলাথ কৰিব লাগিব ৷

এই হাই ভল্টেজ নিৰ্বাচনী অংকৰ মাজতেই মিনাক্ষী মুখাৰ্জী নিহিত হৈ আছে ৷ মুখাৰ্জীয়েই ২০০৭ চনৰ নন্দীগ্ৰামৰ ভূমি অধিগ্ৰহণ বিৰোধী আন্দোলনৰ সময়ত আৰক্ষীৰ গুলী চালনাত নিহত হোৱা ১৪ জন ব্যক্তিৰ মৃত্যুৰ ভাৰ নিজৰ যুৱ কান্ধেৰে বলিষ্ঠভাৱে বৈছিল ৷ অৱশ্যে এই আন্দোলন আছিল পৰিশ্ৰমি কৃষকসকলৰ, কিন্তু পাচলৈ তৃণমূল কংগ্ৰেছহে ইয়াৰ নপতা ফুকন হয়গৈ ৷ অথবা অধিক সঠিকতাৰে ক’বলৈ হ’লে, এই নিৰ্বাচনী অংকত তেতিয়াৰ যুৱ তৃণমূল কংগ্ৰেছৰ নেতা সুভেন্দু অধিকাৰীও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ! মমতাই সদায়েই বিৰোধী দল বি জে পিৰ বিৰুদ্ধে নিজৰ স্থিতি সৱল কৰাৰ প্ৰচেষ্টাত নন্দীগ্ৰামৰ বামপন্থী সকলৰ ভোট বিচাৰিব ৷ আনহাতে সুভেন্দুৱে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হিচাপে থিয়দিবলৈ বিচাৰিব ৷

বংগই ১৯৮৪ চনৰ নিৰ্বাচনত যাদৱপুৰৰ পৰা এগৰাকী যুৱ তথা ৰাজনীতিত তেনেই অনভিজ্ঞ নেতা মমতা বেনাৰ্জীয়ে চি পি আই (এম)ৰ শক্তিশালী প্ৰাৰ্থী সোমনাথ চেতাৰ্জীক পৰাভূত কৰি জয়ী হোৱাৰ দৰে মন বিচলিত কৰা ফলাফল বংগই দ্বিতীয়বাৰ দেখা নাই ৷ এইবাৰ যদি মিনাক্ষীয়ে নন্দীগ্ৰামত ধ্ৰুৱীকৰণৰ বিষয়টোক যোগ্য প্ৰত্যুত্তৰ দিব পাৰে আৰু যদি পৰ্যাপ্ত সংখ্যক ভোট পাবলৈ সক্ষম হয়; আনকি দ্বিতীয় স্থান পাবলৈও যদি সক্ষম হয় তেন্তে বংগৰ ৰাজনৈতিক ইতিহাসত তেওঁৰ নাম সেই গৰাকী নেতা হিচাপে খুদিত হৈ ৰ’ব যিয়ে মমতা বেনাৰ্জী নাইবা সুভেন্দু অধিকাৰীক পৰাভূত কৰিছিল ৷ নতুবা তেওঁ যদি জয়যুক্ত হ’বলৈ সক্ষম হয়, তেন্তে শোচনীয়ভাৱে ধাৰাশায়ী হৈ পৰি থকা বামপন্থী সকলৰ বাবে তেওঁ সঞ্জীৱনী সুধা হৈ ধৰা দিব ৷ নন্দীগ্ৰাম জয় কৰাৰ যুঁজখন এতিয়া আৰম্ভ হৈ গৈছে ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details