অসম

assam

ETV Bharat / bharat

WB Panchayat Polls : মোদীৰ বিদেশ ভ্ৰমণক লৈ মমতাৰ আক্ৰমণ

তৃণমূলৰ নেত্ৰীগৰাকীয়ে তেওঁৰ স্বভাৱসিদ্ধ ভাষাৰে জনসভাৰ মঞ্চৰ পৰা বিজেপিক লক্ষ্য কৰি লয় । তেওঁ কেন্দ্ৰৰ ওপৰত বঞ্চনাৰ অভিযোগ উত্থাপন কৰে ।

By

Published : Jun 26, 2023, 6:44 PM IST

WB Panchayat Polls
WB Panchayat Polls

নিউজ ডেস্ক, ২৬ জুন : পশ্চিমবংগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাক কাৰ্য তুংগত উঠিছে । সোমবাৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰি মোদীৰ ওপৰত তীব্ৰ আক্ৰমণ কৰে মমতা বেনাৰ্জীয়ে । পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়তে তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া আমেৰিকা ভ্ৰমণক তীব্ৰ সমালোচনা কৰে । মমতাই অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ ধন শৰাধ কৰি বিশ্বনেতা হ'বলৈ আমেৰিকা ভ্ৰমণ কৰিছে ।

উল্লেখ্য, ৰাজ্যখনত অহা ৮ জুলাইত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন । মমতা বেনাৰ্জীয়ে সোমবাৰে পঞ্চায়ত নিৰ্বাচনৰ বাবে নিজৰ প্ৰচাৰ কাৰ্য আৰম্ভ কৰে । তেওঁ কোচবিহাৰৰ চান্দামাৰী প্ৰাণনাথ হাইস্কুলৰ খেলপথাৰত এখন ৰাজহুৱা সভাৰ জৰিয়তে তেওঁৰ প্ৰচাৰ অভিযান আৰম্ভ কৰে । তৃণমূলৰ নেত্ৰীগৰাকীয়ে তেওঁৰ স্বভাৱসিদ্ধ ভাষাৰে জনসভাৰ মঞ্চৰ পৰা বিজেপিক লক্ষ্য কৰি লয় । তেওঁ কেন্দ্ৰৰ ওপৰত বঞ্চনাৰ অভিযোগ উত্থাপন কৰে ।

মমতাই এইটোও দাবী কৰে যে বিজেপিয়ে কেন্দ্ৰীয় প্ৰকল্পৰ বাবে পুঁজি বন্ধ কৰি ৰাখিছে । এই অভিযোগ উত্থাপন কৰিবলৈ গৈ মমতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ বিষয়টো উত্থাপন কৰে । "তেওঁলোকে চৰকাৰৰ ধন শৰাধ কৰিবলৈ আমেৰিকালৈ গৈছে । সেয়া কেৱল ধন অপচয়ৰ বাহিৰে আন একো নহয় । ২৪ হাজাৰ আমেৰিকান ডলাৰ বা বিলিয়ন ডলাৰ অপচয় কৰিছে । আমেৰিকাক সন্তুষ্ট কৰিবলৈহে তেওঁ আমেৰিকালৈ গৈছে । মোদী বাবু নেতা হ'ব ।" মমতা বেনাৰ্জীয়ে তাচ্ছিল্য কৰি কয় ।

মন কৰিলগীয়া যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত মাহত আমেৰিকা ভ্ৰমণ কৰে । প্ৰধানমন্ত্ৰী তাত চাৰি দিন আছিল। প্ৰধানমন্ত্ৰী মোদীয়ে নিউয়ৰ্কৰ পৰা তেওঁৰ ভ্ৰমণ কাৰ্যসূচী আৰম্ভ কৰি ৰাষ্ট্ৰসংঘত বিশ্ব যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । ৱাশ্বিংটনলৈ যোৱাৰ পূৰ্বে তেওঁ তাত কেইবাজনো উদ্যোগপতিকো সাক্ষাৎ কৰে । তেওঁৰ সন্মানত এটা বিশেষ নৈশভোজৰো আয়োজন কৰা হয় ।

তদুপৰি, প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে দ্বিপাক্ষিক বৈঠকতো মিলিত হয় । প্ৰধানমন্ত্ৰীয়ে আন এক অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ উপৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ যুটীয়া অধিবেশনত ভাষণ দিয়ে । কোচবিহাৰৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ বিদেশ ভ্ৰমণক সমালোচনা কৰাৰ উপৰি মমতাই আন কিছুমান বিষয়ো উত্থাপন কৰে । "কেতিয়াবা তেওঁ ৰাছিয়ালৈ গৈছে । তাত বিমান ক্ৰয় কৰা... কেতিয়াবা ফ্ৰান্সলৈও গৈ বিমান ক্ৰয় কৰিছে ।" তেওঁ কয় ।

লগতে পঢ়ক :PM Modi Returning From Foreign Visit : বিদেশ ভ্ৰমণৰ পৰা উভতি দেশৰ খবৰ সুধিলে মোদীয়ে

ABOUT THE AUTHOR

...view details