নেচনেল ডেস্ক, 23 অক্টোবৰ:ক'ভিডৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি লগতে নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্দেশনা মানি সকলো নিৰ্বাচনী প্ৰচাৰ সভা বাতিল কৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ দেশৰ ক'ভিডসৃষ্ট পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ শুকুৰবাৰৰ পশ্চিমবংগ ভ্ৰমণ বাতিল কৰাৰ পাচতে মমতা বেনাৰ্জীয়েও তেওঁৰ পূৰ্ব নিৰ্ধাৰিত সকলো নিৰ্বাচনী কাৰ্যসূচী বাতিল কৰাৰ কথা ঘোষণা কৰে ৷
টুইটাৰযোগে বেনাৰ্জীয়ে এই কথা সদৰী কৰে ৷ সকলো পূৰ্ব নিৰ্ধাৰিত সভা বাতিল কৰাৰ লগতে ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে সকলোৰে সৈতে সংযুক্ত হ'ব বুলি জানিবলৈ দি বেনাৰ্জীয়ে টুইটাৰযোগে এইবুলি কয়, "দেশৰ সকলো প্ৰান্ততে ক'ভিডৰ বৰ্ধিত সংক্ৰমণ আৰু 22 এপ্ৰিলত নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্দেশনা মানি মই সকলো পূৰ্ব নিৰ্ধাৰিত সভা বাতিল কৰিছো ৷ আমি ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে ৰাইজৰ কাষলৈ যাম ৷"