নেশ্যেনেল ডেস্ক, 2 জুন : আকৌ এবাৰ মানৱীয়তা ধৰ্ম পালন কৰা দেখা গ’ল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক (Mamata shows her humanitarian side) । বৃহস্পতিবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এগৰাকী ৰুগীয়া সাংবাদিকক চিকিৎসালয়লৈ যাবলৈ এৰি দিলে নিজৰ বাহন ৷ ইয়াৰ বিপৰীতে এখন সাধাৰণ মটৰ চাইকেলত উঠি নিজৰ গন্তব্য স্থানলৈ গ’ল পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকী ৷
উল্লেখ্য যে, মল্লযুঁজাৰুসকলৰ সমৰ্থনত বুধবাৰ আৰু বৃহস্পতিবাৰে ৰাজপথলৈ ওলাই আহিছিল মমতা বেনাৰ্জীয়ে । প্ৰথমতে গোষ্ঠা পালৰ প্ৰতিমূৰ্তিৰ তলত প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈছিল ৷ তাৰ পিচত গান্ধী প্ৰতিমূৰ্তিলৈকে মমবাতি জ্বলাই প্ৰতিবাদী যাত্ৰা কৰিছিল । অইনদিনাতকৈ বৃহস্পতিবাৰে চহৰখনত গৰমৰ মাত্ৰা আছিল অধিক ।
সমদলটো গোষ্ঠা পালৰ গান্ধীয়ে প্ৰতিমূৰ্তিৰ ফালে আগবাঢ়ি যোৱাৰ লগে লগে হঠাৎ ফটো সাংবাদিক সুব্ৰংশু ঘোষৰ স্বাস্থ্যৰ অৱনতি ঘটে ৷ তাৰ পাচতে মমতা বেনাৰ্জীৰ নিৰাপত্তাৰক্ষীয়ে ফটো সাংবাদিকজনক কিছু শুশ্ৰূষা কৰে আৰু তাৰ পিচত মুখ্যমন্ত্ৰীয়ে তেওঁক পানী খুৱাই দিয়ে ৷ মন্ত্রী অৰূপ বিশ্বাসৰ লগতে আন খেলুৱৈসকলেও তেওঁক সংগ দিয়ে ৷ ইয়াৰ পিচত মমতা বেনাৰ্জীয়ে ফটো সাংবাদিকজনক নিজৰ গাড়ীত তুলি দি চিকিৎসালয়লৈ প্ৰেৰণ কৰে (Mamata leaves her car for sick photojournalist) । পৰৱৰ্তী সময়ত গান্ধী প্ৰতিমূৰ্তিৰ তলত এই শোভাযাত্ৰাৰ অন্ত পৰে ।