নেশ্যনেল ডেস্ক, ১৩ মে’ :‘‘কৰ্ণাটকৰ নিৰ্বাচনত অহংকাৰ আৰু গৌৰৱৰ পৰাস্ত হৈছে । বংগৰ পৰা বাংগালুৰুলৈকে মানুহ সলনি হ’ব বিচাৰিছে । একনায়কত্ববাদৰ দিন শেষ হ’ল । ইয়াৰ দ্বাৰা এজেন্সীৰ ৰাজনীতিৰ অন্ত পৰিল । আগন্তুক দিনৰ নিৰ্বাচনতো এই ফলাফলৰ পুনৰাবৃত্তি হোৱা দেখা যাব ।’’ শনিবাৰে কালিঘাটৰ বাসগৃহত বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানক সাক্ষাৎ কৰাৰ পিচত এই মন্তব্য কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে (Mamata says defeat in Karnataka is the beginning of the end for BJP) ৷
ইতিমধ্যে বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰ্ণাটকৰ ভোট সন্দৰ্ভত টুইটো কৰিছে । সাংবাদিকৰে হোৱা এক বাৰ্তালাপত পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘কৰ্ণাটকৰ নিৰ্বাচনত যিসকলে জয়ী হৈছে তেওঁলোকক অভিনন্দন । কুমাৰ স্বামীয়েও ভাল কাম কৰিছে । চত্তীশগড় আৰু মধ্যপ্ৰদেশে পিচত ভোটদান কৰিব । মই নিশ্চিত যে তাতো বিজেপি পৰাজিত হ’ব । ২০২৪ চনত বিজেপিৰ পৰাজয় এই নিৰ্বাচনৰ ফলাফলৰ পৰাই আৰম্ভ হৈছে’’ (Mamata criticized BJP on Karnataka Election Results)।
লগতে পঢ়ক :Karnataka elections result: বিজেপি বিৰোধী মৰ্চা গঠনত কংগ্ৰেছৰ বাবে সহায়ক হ’ব কৰ্ণাটক নিৰ্বাচনৰ ফলাফল