কলকাতা,29 মাৰ্চ: পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভোটাৰসকলক আকৰ্ষিত কৰাৰ প্ৰচেষ্টাৰে সোমবাৰে সন্ধিয়া নন্দীগ্ৰামত ব্য়াপক প্ৰচাৰ চলায় ৷ হাই ভ’ল্টেজ নিৰ্বাচনী যুঁজ অনুষ্ঠিত হ’বলগা সমষ্টিসমূহত সোমবাৰে পুৱা ১১ বজাৰ পৰা প্ৰচাৰ আৰম্ভ কৰে মমতা বেনাৰ্জীয়ে ৷ কাৰ্যসূচী অনুসৰি খুদিৰাম মোৰৰ পৰা নন্দীগ্ৰাম ব্লক ২ ৰ ঠাকুৰ চ’কলৈ প্ৰায় ৮ কিল’মিটাৰ ৰোড শ্ব'ৰ সৈতে এই প্ৰচাৰৰ আৰম্ভণি হয় ৷ তাৰ পিছত জনসভা বয়ল ২ ত এখন ৰাজহুৱা সভাত অংশ লয় বেনাৰ্জীয়ে ৷ পৰৱৰ্তী সময়ত ক্ৰমে আবেলি ২ বজাত আৰু ৩.৩০ বজাত বংগৰ মুখ্য়মন্ত্ৰী গৰাকীয়ে জনসভাত অংশ লয় ৷
মমতাই যোৱা বছৰৰ ডিচেম্বৰ মাহত ভাৰতীয় জনতা পাৰ্টী (বিজেপি) ত যোগদান কৰা মমতাৰ প্ৰাক্তন সতীৰ্থ শুভেন্দু অধিকাৰীৰ বাবেই নন্দীগ্ৰাম আটাইতকৈ হাই ভ’ল্টেজ প্ৰতিযোগিতাখনিৰ সাক্ষী হোৱাৰ কথা প্ৰকাশ কৰে । অধিকাৰীয়ে পূৰ্বতে কৈছিল যে, বিজেপিয়ে নন্দীগ্ৰামৰ পৰা বেনাৰ্জীক 50,000 তকৈও অধিক ভোটত পৰাস্ত কৰিব ৷
টিএমচিৰ শীৰ্ষ নেতাক প্ৰতিৰোধ কৰিবলৈ বিজেপিয়ে যুদ্ধ অব্যাহত ৰাখিব ৷ জ্যেষ্ঠ বিজেপি নেতা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে অধিকাৰীৰ বাবে নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ গৈ নন্দীগ্ৰামত এক বিশাল ৰোড শ্ব’ত মুখামুখি হ’ব মমতাৰ ৷ বলীউডৰ তাৰকা মিথুন চক্ৰৱৰ্তীয়েও ভোটগ্ৰহণৰ আগতে নন্দীগ্ৰামত এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰাৰ আশা কৰা হৈছে ।