নিউজ ডেস্ক, 23 জানুৱাৰী:নেতাজী সুভাষ চন্দ্ৰ বসুৰ 125 সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকিও শুকুৰবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভাষণ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে ৷ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই তেওঁক অপমানিত কৰা বুলি অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰদান কৰাৰ পৰা বিৰত থাকে ৷
জানিব পৰা মতে, চৰকাৰৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানলৈ মুখ্যমন্ত্ৰী গৰাকীক আমন্ত্ৰণ জনোৱা হৈছিল আৰু উক্ত অনুষ্ঠানতে তেওঁক জয় শ্ৰীৰাম ধ্বনিৰে আদৰণি জনোৱা হয় ৷ এই কাৰ্যত নিজকে অপমানিত অনুভৱ কৰি প্ৰতিবাদস্বৰূপে মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰদান নকৰাৰ সিদ্ধান্ত লয় ৷ মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে, চৰকাৰী কাৰ্যসূচীৰ কিছুমান মৰ্যদা থকা উচিত আৰু নেতাজীৰ জন্মদিন উদযাপন কোনো ৰাজনৈতিক অনুষ্ঠান নহয়, বৰঞ্চ ই এক চৰকাৰী অনুষ্ঠান ৷