নিউজ ডেস্ক, 9 নৱেম্বৰ : পশ্চিম বংগত নাগৰিকত্ব সংশোধনী আইন (CAA) বলবৎ হ’বলৈ নিদিয়ে মমতা বেনাৰ্জীয়ে ৷ এখন সভাত অংশগ্ৰহণ কৰি এই কথা স্পষ্ট কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে(Bengal chief minister Mamata Banerjee) ৷
বুধবাৰে পশ্চিম বংগৰ নাদিয়াৰ কৃষ্ণনগৰত এক সভাত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে, "আমি ইয়াত CAA কাৰ্যকৰী হ'বলৈ নিদিওঁ । গুজৰাটত হ’বলগীয়া নিৰ্বাচনক(Gujarat Elections 2022) লক্ষ্য কৰি বিজেপিয়ে CAA বলবৎ কৰাৰ চিন্তা কৰিছে । নাগৰিকত্বৰ নামত বিজেপিয়ে প্ৰত্যাৰণা কৰিছে ।" দেশৰ আন যিকোনো ৰাজ্যৰ দৰে পশ্চিম বংগতো অতি সোনকালে CAA (Citizenship Amendment Act 2019) কাৰ্যকৰী হ’ব বুলি বিজেপিৰ কেইজনমান নেতাই কোৱা বুলি উল্লেখ কৰি এই আইনখনৰ বিৰোধিতাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এইদৰে মন্তব্য কৰে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, হিন্দু, মুছলমান সকলো আমাৰ বন্ধু আৰু সকলোৰে মাজত সমন্বয় থাকিব লাগে ৷ ভাৰতীয় হিচাবে আমি সকলে এক হৈ থাকিব বিচাৰোঁ বুলি মন্তব্য কৰে মমতা বেনাৰ্জীয়ে ৷ লগতে তেওঁ কয় যে, ‘‘আমি তেজ দিম; কিন্তু আমাৰ নাগৰিকত্ব কাঢ়ি নিবলৈ নিদিওঁ’’ ।