নেশ্য়নেল ডেস্ক, ১৭ জানুৱাৰী:পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ন্যায়িক ব্যৱস্থাৰ কামকাজত হস্তক্ষেপ কৰা বুলি মন্তব্য় কৰিছে (Mamata Banerjee react on independence of judiciary)। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে এইটো কেন্দ্ৰীয় চৰকাৰৰ নতুন পৰিকল্পনা । মঙলবাৰে আবেলি মেঘালয় ভ্ৰমণলৈ যোৱাৰ পূৰ্বে তেওঁ এইদৰে মন্তব্য় আগবঢ়ায় । কলকাতা বিমান বন্দৰত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কলেজিয়াম বিতৰ্কৰ বিৰোধিতা কৰি চৰকাৰৰ বিৰুদ্ধে এইদৰে মন্তব্য় কৰে (Kolkata Airport)।
পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ নিযুক্তিৰ কলেজিয়ামত কেন্দ্ৰৰ প্ৰতিনিধিত্বৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপন কৰে । অৱশ্য়ে তেওঁ এই প্ৰসংগত পোনপটীয়াকৈ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে মাথো কয়, "মোৰ আইনী কোষ বা উকীলসকলৰ সৈতে এই বিষয়ে আলোচনা নকৰাকৈ মই তাৎক্ষণিক সঁহাৰি হিচাপে কি ক'ব পাৰোঁ (Collegium of appointment of judges in the SC)? মই ন্যায়পালিকাৰ সম্পূৰ্ণ স্বাধীনতাৰ পক্ষপাতী ।" তেওঁ লগতে কয়, "কেন্দ্ৰই ন্যায়াধীশ নিযুক্তিৰ বাবে কলেজিয়ামত তেওঁলোকৰ প্ৰতিনিধিত্বৰ বিষয়ে আলোচনা কৰি আছে আৰু ইয়াৰ আঁৰত তেওঁলোকৰ নিৰ্দিষ্ট পৰিকল্পনা আছে ।"