অসম

assam

ETV Bharat / bharat

Railway bridge collapsed in Mizoram: মিজোৰামৰ দুৰ্ঘটনাক লৈ ৰে’ল বিভাগক মমতা বেনাৰ্জীৰ কঠোৰ সমালোচনা - গণহত্যাৰ দায়িত্ব

যদি কৰ্তব্যৰত সময়ত দুৰ্ঘটনাত মানুহৰ মৃত্যু হয়, তেন্তে তেওঁলোকৰ পৰিয়ালৰ লোকক কৰ্মসংস্থাপন দিয়া উচিত ৷ আপোনালোকে আপোনাৰ দায়িত্ব অস্বীকাৰ কৰিব নোৱাৰে - মিজোৰামৰ বৈৰাবী আৰু চাইৰাং সংযোগী কুৰুং নদীৰ ওপৰৰ এখন নিৰ্মীয়মান ৰে’লৱে দলং এখন হঠাৎ ভাগি পৰাৰ মৰ্মান্তিত ঘটনাৰ পিচতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰে'ল বিভাগক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷

Railway bridge collapsed in Mizoram
ৰে’ল বিভাগক মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ কঠোৰ ভাষাৰে সমালোচনা

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 8:00 PM IST

নেশ্যনেল ডেস্ক, 23 আগষ্ট : বুধবাৰে পুৱা প্ৰায় 10 বজাত মিজোৰামৰ বৈৰাবী আৰু চাইৰাং সংযোগী কুৰুং নদীৰ ওপৰৰ এখন নিৰ্মীয়মান ৰে’লৱে দলং এখন হঠাৎ ভাগি পৰাত 17 জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় 40 গৰাকী শ্ৰমিক আহত হয় ৷ এই মৰ্মান্তিত ঘটনাৰ পিচতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰে'ল বিভাগক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰে’ল বিভাগে এই গণহত্যাৰ দায়িত্ব অস্বীকাৰ কৰিব নোৱাৰে ৷ বুধবাৰে পুৱা উত্তৰ-পূবৰ ৰাজ্য মিজোৰামত এখন নিৰ্মীয়মান ৰে'লৱে দলং খহি পৰে ৷ এই দুৰ্ঘটনাটোত 17 জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছিল ৷ এই দলং নিৰ্মাণৰ বাবে যোৱা শ্ৰমিকসকলৰ বেছিভাগেই পশ্চিম বংগৰ মালদা জিলাৰ বাসিন্দা ৷

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই ঘটনাৰ পিচতে এক টুইট কৰিছিল ৷ তাৰ পিচতে তেওঁ কলকাতাত অনুষ্ঠিত হোৱা এক চৰকাৰী অনুষ্ঠানত বিষয়টো পুনৰ উত্থাপন কৰে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে, মিজোৰামত 35 জন শ্ৰমিকৰ মৃত্যু হৈছে, যাৰ ভিতৰত 24 জন পশ্চিম বংগৰ ৷ ইয়াৰে মালদাৰ পৰা প্ৰায় 16 জন শ্ৰমিক আৰু ৰতুৱাৰ ইংৰাজী বজাৰৰ 6-7 জন শ্ৰমিক ৷ তেওঁ লগতে কয় যে, তেওঁ ভুক্তভোগীসকলৰ পৰিয়ালৰ সৈতে আছে ৷ ইতিমধ্যে তেওঁ দলৰ তৃণমূল কংগ্ৰেছৰ নেতা-মন্ত্ৰী-সাংসদসকলক মালদালৈ গৈ শ্ৰমিককেইগৰাকীৰ পৰিয়ালৰ কাষত থিয় দিবলৈ নিৰ্দেশনা দিছে ৷ এই ঘটনাৰ পিচতে ৰাজ্য চৰকাৰে মৃতদেহসমূহ ঘৰলৈ অনাৰ ব্যৱস্থা কৰিছে ৷

ইয়াৰ পিচতে ৰে’ল বিভাগক আক্ৰমণ কৰি মমতা বেনাৰ্জীয়ে কয় যে বৰ্তমান সময়ত ৰে'ল বিভাগৰ অৱস্থা শোচনীয় ৷ ৰে'ল বিভাগৰ বাবে আৰু কোনো বাজেট নাই ৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰে'ল বিভাগক দাবী কৰি কয় যে, যদি কৰ্তব্যৰত সময়ত দুৰ্ঘটনাত মানুহৰ মৃত্যু হয়, তেন্তে তেওঁলোকৰ পৰিয়ালৰ লোকক কৰ্মসংস্থাপন দিয়া উচিত ৷ আপোনালোকে আপোনাৰ দায়িত্ব অস্বীকাৰ কৰিব নোৱাৰে ৷

লগতে পঢ়ক:Railway bridge collapsed: নিৰ্মীয়মান ৰে’লৱে দলং খহি মৃত্যু 17 শ্ৰমিকৰ, নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা

ABOUT THE AUTHOR

...view details