কলকাতা, ৮ ছেপ্টেম্বৰ: নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ (Mamata Banerjee lashes out at Amit Shah) ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক মন্ত্ৰীসভাৰ ভিতৰত আটাইতকৈ মূল্যহীন বুলি অভিহিত কৰিলে বংগ কন্যা মমতাই । তেওঁ কয়, "মোদী মন্ত্ৰীসভাত অমিত শ্বাহ আটাইতকৈ অকৰ্মণ্য মন্ত্ৰী" ৷ বৃহস্পতিবাৰে নেতাজী ইনড'ৰ ষ্টেডিয়ামত তৃণমূল কংগ্ৰেছৰ বিশেষ অধিবেশনৰ সময়ত দিয়া ভাষণত মমতাই এইদৰে কয় (Mamata says Amit Shah worthless)।
মুখ্যমন্ত্ৰীয়ে তৃণমূল কংগ্ৰেছৰ বীৰভূম জিলাৰ সভাপতি অনুব্ৰত মণ্ডলক গ্ৰেপ্তাৰ কৰাৰ বাবে চিবিআইকো তীব্ৰভাৱে কটাক্ষ কৰিছিল (Mamta Banerjee criticizes CBI)। এবাৰ পুনৰ অনুব্ৰত মণ্ডলৰ কাষত থিয় হৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বীৰভূমৰ নেতাসকলক উদ্দেশ্যি এক শক্তিশালী বাৰ্তা প্ৰদান কৰে । তেওঁ এজেন্সীবোৰক সকীয়াই দি অনুব্ৰত মণ্ডল ঘূৰি আহিব বুলি ভৱিষ্যদ্বাণী কৰে (Mamata praises Anubrata Mandal)।