নেশ্যনেল ডেস্ক,২৭ জুন :কোনোমতে ৰক্ষা পৰিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । প্ৰতিকূল বতৰৰ বাবে জলপাইগুৰিৰ চিভক খেলপথাৰত জৰুৰী অৱতৰণ কৰিবলগীয়া হয় মমতা বেনাৰ্জীৰ হেলিকপ্টাৰ । পাইলটজনৰ দক্ষতাৰ বাবে দুৰ্ঘটনা হোৱাৰ পৰা ৰক্ষা পৰিলে মুখ্যমন্ত্ৰীগৰাকীৰ হেলিকপ্টাৰ ।
বাগডোগ্ৰা অভিমুখে গৈ থকা সময়তে হেলিকপ্টাৰখনে মঙলবাৰে আবেলি জৰুৰী অৱতৰণ কৰে । যাত্ৰাৰ সময়ত ধুমুহা আৰু বৰষুণৰ আগজাননী দিয়া হৈছিল । জানিব পৰা মতে জলপাইগুৰিৰ পৰা উভতি অহাৰ সময়ত পাইলটগৰাকীয়ে হঠাতে হেলিকপ্টাৰৰ চাৰিওফালে ক'লা ডাৱৰ প্ৰত্যক্ষ কৰিছিল । তাৰ কিছু সময়তে ধাৰাসাৰ বৰষুণো হৈছিল ।
এনে পৰিস্থিতিত, পাইলটগৰাকীয়ে বিপদ উপলব্ধি কৰিছিল আৰু লগে লগে হেলিকপ্টাৰখন সুৰক্ষিত দিশলৈ লৈ গৈছিল । সেই সময়ত আকাশৰ পৰা কেৱল দাৰ্জিলিঙৰ পাহাৰখন হে স্পষ্টভাৱে দেখা গৈছিল । যাৰ বাবে পাইলটগৰাকীয়ে হেলিকপ্টাৰখন সেই দিশত দ্ৰুত অৱতৰণ কৰিবলৈ বাধ্য হয় । তাৰ পাছতে হেলিকপ্টাৰখন চিভক এয়াৰ বেছত অৱতৰণ কৰোৱা হয় । জানিব পৰা মতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী বৰ্তমান ভাৰতীয় সেনাৰ বিমান ঘাটিত সুৰক্ষিত অৱস্থাত আছে । সেনা বিষয়াসকলো তাত উপস্থিত আছে ।