নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ:পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ১২ দিনীয়া ভ্ৰমণত স্পেইনত থকাৰ সময়ত সংসদত এক গুৰুত্বপূৰ্ণ বিশেষ অধিবেশন অনুষ্ঠিত হ’ব । তৃণমূল কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে বিদেশ ভ্ৰমণলৈ যোৱাৰ পূৰ্বে এই অধিবেশনত উত্থাপন হ’বলগীয়া বিধেয়কৰ সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া দিব বিচৰা নাছিল । বৰঞ্চ তেওঁ কয় যে প্ৰথমে কি বিধেয়ক আহি আছে চাব আৰু তাৰ পিচতহে সঁহাৰি দিব । স্পেইনলৈ যোৱাৰ পিচত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তৃণমূল কংগ্ৰেছ দলৰ সংসদ সদস্যসকলক মুখ্য নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ নিৰ্দেশ দিয়ে ।
কেন্দ্ৰীয় চৰকাৰে সংসদৰ বিশেষ অধিৱেশনত এই বিধেয়কখন অনাৰ কথা ঘোষণা কৰে । ইয়াৰ পিচতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিধেয়কখনৰ বিৰোধিতা কৰে । এই বিধেয়কৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ঠাইত মুখ্য নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ বাবে পেনেলৰ এজন মন্ত্ৰীক নিযুক্তি দিয়াৰ কথা চিন্তা কৰিছে । মমতা বেনাৰ্জীয়ে আৰম্ভণিৰে পৰা কেন্দ্ৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি আহিছে । মমতা বেনাৰ্জীয়ে মঙলবাৰে চি ই চিৰ বিধেয়ক বিশেষ অধিৱেশনলৈ আহিব বুলি খবৰ পোৱাৰ লগে লগে পোনপটীয়াকৈ নাকচ কৰে ।