নেশ্যনেল ডেস্ক, 31 জানুৱাৰী :তুংগত উঠিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ৰাজ্যপাল জগদীপ ধনকড়ৰ মতানৈক্য । দীৰ্ঘদিন ধৰি চলি আহিছিল ৰাজ্যখনৰ চৰকাৰ আৰু ৰাজ্যপালৰ বিপৰীত স্থিতি ৷ সোমবাৰে এই মতানৈক্যই এনে পৰ্য্যায় পায়গৈ যে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিজৰ টুইটাৰ একাউন্টৰ পৰা ব্লক কৰি দিয়ে ৰাজ্যপাল জগদীপ ধনকড়ক (Mamata Banerjee blocks Governor Jagdeep Dhankar on twitter) । সোমবাৰে সচিবালয় নৱান্নত এই কথা সাংবাদিকৰ আগত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে ।
"আজি মই মোৰ টুইটাৰ একাউন্টৰ পৰা তেওঁক ব্লক কৰিবলৈ বাধ্য হওঁ । প্ৰতিদিনেই তেওঁ টুইটৰ জৰিয়তে চৰকাৰক আক্ৰমণাত্মক ভাৱে সমালোচনা কৰি আহিছে । আমোলা সকলক এনেধৰনে সমালোচনা কৰি আহিছে যেন সকলো তেওঁৰ আজ্ঞাবাহী ভৃত্ত । তেওঁৰ মন্তব্য সমূহ অসাংবিধানিক, তেওঁ পৰামৰ্শ নিদিয়ে, আদেশ দিয়ে । মই যথেষ্ট বিৰক্তি পাইছো" বেনাৰ্জীয়ে সোমবাৰে সাংবাদিকক কয় ।