নেশ্যনেল ডেস্ক, ৯ জুন:ৰাকেশ টিকাইত আৰু যুধবীৰ সিঙৰ নেতৃত্বত কৃষক নেতাসকলক নতুন কৃষি আইনৰ(farm law) বিৰুদ্ধে তেওঁলোকৰ আন্দোলনত সমৰ্থন জনোৱাৰ আশ্বাস পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ । কৃষক নেতাসকলৰ সৈতে হোৱা বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এনে এখন মঞ্চ থাকিব লাগে য'ত ৰাজ্যসমূহে নীতিগত বিষয়ত কথা পাতিব পাৰে । বুলডোজিং ৰাজ্যবোৰ ফেডাৰেল কাঠামোৰ পক্ষে ভাল নহয় বুলিও তেওঁ মন্তব্য কৰে ।
তৃণমূল কংগ্ৰেছে পশ্চিম বংগৰ ভৌগোলিক সীমাৰ বাহিৰত দলটোৱে(TMC) নিজৰ অস্তিত্ব বিস্তাৰৰ বাবে কাম কৰিব বুলি ঘোষণা কৰাৰ কেইদিনমানৰ ভিতৰতে উত্তৰ ভাৰতৰ কৃষক সংগঠনসমূহৰ প্ৰতি বেনাৰ্জীৰ সমৰ্থন দেখা গৈছে ।
উল্লেখ্য যে টিকাইত আৰু সিঙৰ নেতৃত্বত ভাৰতীয় কিষাণ ইউনিয়নে পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিক ভোট নিদিবলৈ চলোৱা প্ৰচাৰত সমৰ্থন জনাইছিল আৰু আগন্তুক ৰাজ্যিক নিৰ্বাচনতো সেইটো সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা আছে ।