অসম

assam

ETV Bharat / bharat

Chief Minister Mamata Banerjee: পশ্চিমবংগক কেন্দ্ৰীয় চৰকাৰে ৰাজনৈতিক প্ৰতিহিংসাৰ লক্ষ্য কৰি লৈছে- মমতা বেনাৰ্জী - সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী

"দুৰ্বল নহ'ব ৷ কিছু লোকে হাৰাশাস্তি কৰি থাকিব... সকলো ব্যৱসায়ীকে কোনো সংস্থাই বাৰে বাৰে হাৰাশাস্তি কৰেই ৷" - মমতা বেনাৰ্জী

Chief Minister Mamata Banerjee
পশ্চিমবংগক কেন্দ্ৰীয় চৰকাৰে ৰাজনৈতিক প্ৰতিহিংসাৰ লক্ষ্য কৰি লৈছে- মমতা বেনাৰ্জী

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 10:40 PM IST

নেশ্যনেল ডেস্ক, 4 ছেপ্টেম্বৰ :"মই কেতিয়াও কাৰোৰ পৰা ধন ধাৰলোৱা নাই নাইবা কাৰো পৰা চাহ খাইছিল ৷ তাৰ পিচতো মোৰ পৰিয়াল ৰাজনৈতিক প্ৰতিহিংসাৰ বলি হৈছে ৷" পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সোমবাৰে ধনধনিয়া প্ৰেক্ষাগৃহত কনফেডাৰেচন অৱ ৰীয়েল ইষ্টেট ডেভেলপাৰছ এছ'চিয়েশ্যন অৱ ইণ্ডিয়া (ক্ৰেদাই)ৰ এক কাৰ্যসূচীৰ সময়ত কেন্দ্ৰীয় চৰকাৰক আওপকীয়াকৈ লক্ষ্য কৰি এই মন্তব্য প্ৰকাশ কৰে ৷

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ক্ৰেদাই কাৰ্যসূচীৰ মঞ্চৰ পৰা জনসাধাৰণক উদ্দেশ্যি সুধিছিল, "মই বুজি পোৱা নাই ৷ মই যদি কাৰোবাৰ পৰা কিবা কিনিছোঁ, ধৰি লওঁক মই কাপ-প্লেট এখনেই ক্ৰয় কৰিছো, ইডিয়ে ইয়াৰ সঠিক তদন্ত কৰি দেখুৱাব পাৰিবনে?"

অৱশ্যে এই অভিযোগ উত্থাপন কৰোঁতে তেওঁ এবাৰো কেন্দ্ৰীয় চৰকাৰ বা বিজেপিৰ নাম লোৱা নাছিল ৷ মমতা বেনাৰ্জীয়ে এই অভিযোগ উত্থাপন কৰোঁতে বাৰে বাৰে কিছু সংস্থাৰ নাম উল্লেখ কৰিছিল ৷ মুখ্যমন্ত্ৰীয়ে লগতে ৰীয়েল ইষ্টেট সন্মিলনৰ মঞ্চৰ পৰা ব্যৱসায়ীসকলক হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন কৰে ৷

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ব্যৱসায়ীসকলক এটা বাৰ্তা দি কয় যে, "দুৰ্বল নহ'ব ৷ কিছু লোকে হাৰাশাস্তি কৰি থাকিব... সকলো ব্যৱসায়ীকে কোনো সংস্থাই বাৰে বাৰে হাৰাশাস্তি কৰেই ৷" মমতা বেনাৰ্জীয়ে লগতে তেওঁৰ পৰিয়ালৰ বিষয়ো উত্থাপন কৰি অভিযোগ উত্থাপন কৰে যে এনে কিছুমান সংস্থাই তেওঁৰ পৰিয়ালকো ৰাজনৈতিকভাৱে হাৰাশাস্তি কৰি আহিছে ৷

তেওঁ ব্যৱসায়ীসকলক পৰামৰ্শ দিছিল যে এনে নিৰ্যাতনৰ ক্ষেত্ৰত, ব্যৱসায়ীসকলে আইনৰ সহায় লোৱা উচিত ৷ মন কৰিকৰিব লগীয়া যে, মুখ্যমন্ত্ৰীৰ ভতিজাক তথা তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী নামো কেইবাটাও দুৰ্নীতিৰ গোচৰত সাঙোৰ খাইছিল ৷ কয়লাৰ চোৰাং ব্যৱসায়ৰ গোচৰৰ সন্দৰ্ভত নতুন দিল্লী আৰু কলকাতাৰ প্ৰৱৰ্তন সঞ্চালকালয়ে অভিষেক বেনাৰ্জীক কেইবাবাৰো জেৰা কৰিছে ৷ নিযুক্তি দুৰ্নীতিৰ গোচৰত চিবিআইৰ পৰা চমন পোৱাৰ পিচত অভিষেক বেনাৰ্জীয়ে কলকাতাৰ নিজাম প্ৰাসাদ কেন্দ্ৰীয় সংস্থাটোৱে কেইবা ঘণ্টা ধৰি জেৰা কৰিছিল৷

শেহতীয়াকৈ, ইডিয়ে নিযুক্তি দুৰ্নীতিৰ গোচৰ সন্দৰ্ভত অভিষেক বেনাৰ্জীৰ কোম্পানী 'লিপছ এণ্ড বাউণ্ডছ'ত এক অভিযান চলাইছিল ৷ পিচত ইডিৰ বিবৃতিত অভিষেকৰ নামো উল্লেখ কৰা হৈছিল ৷

ইয়াৰ পিচতে মমতা বেনাৰ্জীয়ে এই সন্দৰ্ভত কৈছিল সংবাদ মাধ্যমৰ এটা অংশক ব্যৱহাৰ কৰি পশ্চিম বংগক বদনাম কৰাৰ বাবে কেইবাবাৰো চেষ্টা কৰা হৈছে ৷ ৰাজনৈতিক হেঁচাত সংবাদ মাধ্যমৰ এটা অংশই এনে বাতৰিবোৰ প্ৰচাৰ কৰে যে ৰাজ্যখনত সাম্প্ৰদায়িক হিংসাৰ বাহিৰে আন একো নাই ৷

"কিন্তু যদি আমি প্ৰকৃত পৰিস্থিতি নিৰীক্ষণ কৰো, তেন্তে এয়া স্পষ্ট হৈ পৰিব যে সকলো ক্ষেত্ৰতে পশ্চিমবংগ এক নম্বৰ ৷ পশ্চিমবংগক বদনাম কৰাৰ উদ্দেশ্যে এইবোৰ কৰে ৷ যদি আপুনি যুঁজিব বিচাৰিছে, ৰাজনৈতিকভাৱে যুঁজক, দেশ মাতৃ তথা পশ্চিম বংগক লৈ যুঁজ নকৰিব৷" অৱশেষত মুখ্যমন্ত্ৰীগৰাকীয়ে "জয় হিন্দ, জয় বংগ, জয় ইণ্ডিয়া" বুলি তেওঁৰ ভাষণ সামৰণি মাৰে ৷

লগতে পঢ়ক:Sanatan Dharma remark deepens : সনাতন ধৰ্ম বিতৰ্কত উদয়ানিধি ষ্টেলিনক সমৰ্থন প্ৰিয়াংক খাৰ্গেৰ

ABOUT THE AUTHOR

...view details