অসম

assam

By

Published : Aug 20, 2023, 4:58 PM IST

ETV Bharat / bharat

Lok Sabha polls 2024: লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ ৱৰ্কিং কমিটীৰ পুনৰ গঠন

দেওবাৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কংগ্ৰেছ ৱৰ্কিং কমিটি (চিডব্লিউচি) পুনৰ গঠন কৰে ৷ 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এই ৱৰ্কিং কমিটীয়ে যথেষ্ট গুৰুত্ব লাভ কৰিছে বুলি খাৰ্গেই জানিবলৈ দিয়ে ৷

Mallikharjun Kharge reconstitutes CWC
লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ ৱৰ্কিং কমিটীৰ পুনৰগঠন

নেশ্যনেল ডেস্ক, 20 আগষ্ট : 2024ৰ লোকসভা নিৰ্বাচন সমাগত ৷ নিৰ্বাচনক কেন্দ্ৰ কৰি দেশৰ ৰাজনৈতিক দলসমূহে ইতিমধ্যে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে ৷ দেওবাৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কংগ্ৰেছ ৱৰ্কিং কমিটি (CWC) পুনৰ গঠন কৰে ৷ 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এই ৱৰ্কিং কমিটীয়ে যথেষ্ট গুৰুত্ব লাভ কৰিছে বুলি খাৰ্গেয়ে জানিবলৈ দিয়ে ৷

এই নতুন কমিটিত শশী থাৰুৰ আৰু আনন্দ শৰ্মাক অন্তৰ্ভুক্ত কৰা হৈছে ৷ বীৰাপ্পা মইলী আৰু মনীষ তিৱাৰীক স্থায়ীভাৱে আমন্ত্ৰণ জনোৱা হৈছে বুলি কংগ্ৰেছে বিবৃত্তিটোত উল্লেখ কৰিছে ৷ পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নী আৰু ৰাজস্থানৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী শচীন পাইলটকো পুনৰ গঠিত CWCত অন্তৰ্ভুক্ত কৰা হৈছে ৷

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ শীৰ্ষ নেতৃত্বই এই বছৰৰ আৰম্ভণিতে সংসদীয় নিৰ্বাচনৰ বাবে নতুন কংগ্ৰেছ ৱৰ্কিং কমিটিৰ পেনেল গঠন কৰিবলৈ সৰ্বসন্মতিক্ৰমে খাৰ্গেক কৰ্তৃত্ব প্ৰদান কৰিছিল ৷ কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে ইতিমধ্যে স্পষ্ট কৰি দিছে যে, সকলো গুৰুত্বপূৰ্ণ চিডব্লিউচি পুনৰ গঠনৰ চূড়ান্ত সিদ্ধান্ত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতিয়ে নিজেই ল’ব ৷

হিমাচল প্ৰদেশ আৰু কৰ্ণাটক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ ধাৰাবাহিক বিজয় লাভৰ পিচতেই পৰৱৰ্তী সময়তো দলটোৰ এই ধাৰা অক্ষুন্ন ৰাখিবলৈ দলটোৰ ৰাষ্ট্ৰীয় সভাপতি খাৰ্গেৰ লগতে দলৰ কৰ্মকৰ্তাসকলে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ AICCৰ সভাপতি হিচাপে মল্লিখাৰ্জুন খাৰ্গেৰ কাৰ্যকালতেই কৰ্ণাটকত কংগ্ৰেছে বিজেপিক উৎখাত কৰি বিজয় লাভ কৰিছিল ৷ ইয়াৰ পিচতে দলটোৰ কৰ্মকৰ্তাসকলে খাৰ্গেক অনুসৰণ কৰিবলৈ আৰম্ভ কৰে ৷

কৰ্ণাটক ৰাজ্যৰ ৰাজনীতিত প্ৰৱেশ কৰাৰ পিচৰে পৰা খাৰ্গেয়ে ৰাজ্যখনৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি কৰি দিয়ে ৷ দলটোৱে শীঘ্ৰেই মধ্য প্ৰদেশ আৰু ছত্তিশগড় বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাই থকাৰ বাবে নৱনিৰ্মিত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ ওপৰত যথেষ্ট আশাবাদী ৷

লগতে পঢ়ক:Rahul Gandhi bike ride : চীনা সৈন্যৰ অনুপ্ৰৱেশ সন্দৰ্ভত মোদীৰ দাবীক মিথ্যা আখ্যা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ

ABOUT THE AUTHOR

...view details