নেশ্যনেল ডেস্ক, 28 ছেপ্টেম্বৰ:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ আক্ৰমণ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ ৷ ছত্তিশগড়ৰ বালোদাবজাৰত অনুষ্ঠিত হোৱা কৃষক সন্মিলনত অংশ লৈ মহিলা সংৰক্ষণ বিধেয়ক, নিবনুৱা, মূল্যবৃদ্ধি, মণিপুৰৰ হিংসা আদিৰ কথা উল্লেখ কৰি খাৰ্গেই প্ৰধানমন্ত্ৰীগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷
খাৰ্গেই কয় যে কংগ্ৰেছে মণিপুৰৰ বিষয়টো নিৰন্তৰ নিৰীক্ষণ কৰি আছে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কংগ্ৰেছে যি চেষ্টা কৰিব লাগিছিল সেয়া কৰি আছে । ৰাহুল গান্ধী কংগ্ৰেছ দলৰ পৰা মণিপুৰ ভ্ৰমণলৈ গৈছিল । I.N.D.I.A. এলায়েন্সৰ 21-22 জন নেতাইও মণিপুৰ ভ্ৰমণ কৰিছিল ৷ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এবাৰো মণিপুৰ ভ্ৰমণ কৰা নাই আৰু পৰিস্থিতিৰ বুজ লোৱা নাই ৷
খাৰ্গেয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী মোদী সকলো ঠাইলৈ যায় । নিৰ্বাচনৰ সময়ত তেওঁৰ দলৰ হৈ প্ৰচাৰ চলাবলৈ বিভিন্ন ৰাজ্য গৈছে ৷ কিন্তু তেওঁ এতিয়াও মণিপুৰলৈ যোৱা নাই ৷ তেওঁলোকে মণিপুৰক পাহৰি গৈছে ৷ খাৰ্গেয়ে লগতে প্ৰশ্ন কৰি কয় যে কিহৰ ভয়ত প্ৰধানমন্ত্ৰীয়ে এতিয়ালৈকে মণিপুৰ ভ্ৰমণৰ বাবে যোৱা নাই ৷