নিউজ ডেস্ক, ১৯ ডিচেম্বৰ: পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মঙলবাৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ নাম বিৰোধী মিত্ৰজোঁট ইণ্ডিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰস্তাৱ কৰে ৷ কিন্তু কংগ্ৰেছৰ প্ৰবীণ নেতাগৰাকীয়ে কয় যে প্ৰথমে জয়ী হোৱাটো গুৰুত্বপূৰ্ণ আৰু বাকী সকলো কথা পিছত সিদ্ধান্ত ল’ব পৰা যাব ।
সূত্ৰসমূহে অৱশ্যে এই বিষয়ত চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই বুলি জানিবলৈ দিয়ে । দিল্লীত ২৮ জন বিৰোধী নেতাই অংশগ্ৰহণ কৰা এখন বৈঠকত দেশৰ প্ৰথমগৰাকী দলিত প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে তেওঁৰ নাম প্ৰস্তাৱ কৰা হয় ৷ তাৰ পিচতে খাৰ্গেই কয়, "মই নিপীড়িত লোকৰ বাবে কাম কৰো । প্ৰথমে জয়ী হওক, তাৰ পিছত চাম । মই একো বিচৰা নাই । প্ৰথমে আমি জয়ী হ'ব লাগিব আৰু সংখ্যাগৰিষ্ঠতা পাব লাগিব, তাৰ পিছত সাংসদে গণতান্ত্ৰিকভাৱে সিদ্ধান্ত ল'ব ।’’
সোমবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত উপস্থিত হোৱাৰ পিছত মমতা বেনাৰ্জীয়ে সাংবাদিকৰ আগত কয় যে মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰী মুখ সন্দৰ্ভত যিকোনো সিদ্ধান্ত নিৰ্বাচনৰ পিছত লোৱা হ’ব । "যেতিয়া ইমানবোৰ ৰাজনৈতিক দল একেলগে থাকে, তেতিয়া ইয়াত এক গণতন্ত্ৰ, বিভিন্ন ৰাজ্য, ভিন্ন দৃষ্টিভংগী আৰু ভিন্ন মতামত থাকিব পাৰে ৷ কিন্তু শেষত ইণ্ডি মিত্ৰজোঁট হৈছে এনে এক মঞ্চ য'ত আমি একেলগে যুঁজি আছো ৷" বেনাৰ্জীয়ে কয় ।
"বিজেপিৰ কোনো মিত্ৰ নাই । আমি তেনেকুৱা নহয় । ভাল হ’ব, নিৰ্বাচনৰ পিছত আমি ফলাফল চাব লাগিব আৰু তাৰ পিছত প্ৰধানমন্ত্ৰী প্ৰাৰ্থী ঘোষণা কৰিব লাগিব । সকলো পক্ষই সিদ্ধান্ত ল’ব এই ক্ষেত্ৰত ৷" তেওঁ লগতে কয় ৷