অসম

assam

ETV Bharat / bharat

Mallikarjun Kharge Chhattisgarh Visit : ছত্তীশগড়ত বিজেপিক তীব্ৰ আক্ৰমণ মল্লিকাৰ্জুন খাৰ্গেৰ - Mallikarjun Kharge Chhattisgarh Visit

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ছত্তীশগড়ৰ আস্থা সন্মিলনত অংশগ্ৰহণ কৰি বিজেপিক তীব্ৰ সমালোচনা কৰে । এই সন্মিলনৰ জৰিয়তে তেওঁ কংগ্ৰেছ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কাম-কাজৰ প্ৰশংসা কৰে ।

Mallikarjun Kharge Chhattisgarh Visit
ছত্তীশগড়ত বিজেপিক তীব্ৰ আক্ৰমণ মল্লিকাৰ্জুন খাৰ্গেৰ

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 5:51 PM IST

নেশ্যনেল ডেস্ক,৮ ছেপ্টেম্বৰ :আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দেশজুৰি বিৰোধী মিত্ৰজোঁটৰ অন্যতম অংশ কংগ্ৰেছে বিভিন্ন কাৰ্যসূচী আৰম্ভ কৰিছে । তাৰ অংশস্বৰূপে ছত্তীশগড়ত কংগ্ৰেছ দলে ৰাজনন্দগাঁৱৰ থেকৱা গাঁৱত এক আস্থা সন্মিলন অনুষ্ঠিত কৰে । য'ত উপস্থিত থাকি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে বিজেপিক আক্ৰমণ কৰে । কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে আস্থাৰ সন্মিলনৰ জৰিয়তে জনসাধাৰণৰ প্ৰতি কংগ্ৰেছৰ অগ্ৰাধিকাৰত জোৰ দিয়ে । তেওঁৰ অভিযোগ অনুসৰি বিজেপিয়ে দেশক বিভাজন আৰু ভাঙিবলৈ কাম কৰি আছে । আনহাতে কংগ্ৰেছ দলে দেশক একত্ৰিত কৰিবলৈ কাম কৰি আছে ।

মল্লিকাৰ্জুন খাৰ্গেয়ে দাবী কৰিছে যে কংগ্ৰেছ চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণৰ বিশ্বাস বজাই ৰাখিব । ছত্তীশগড় চৰকাৰকো প্ৰশংসা কৰে মল্লিকাৰ্জুন খাৰ্গেয়ে। তেওঁৰ মতে পূৰ্বৰ চৰকাৰে ছত্তীশগড়ত কাম কৰা নাছিল । বৰ্তমানৰ কংগ্ৰেছ নেতৃত্বাধীন ৰাজ্য চৰকাৰ দৰিদ্ৰ, দলিত, পিছপৰা আৰু অনুসূচীত জনজাতি আৰু কৃষকসকলৰ চৰকাৰ বুলি তেওঁ দাবী কৰে ।

খাৰ্গেৰ মতে এয়া মোদীৰ গুজৰাট আৰ্হি নহয়, এয়া ভূপেশ বাঘেল আৰু তেওঁৰ মন্ত্ৰীসভাৰ ছত্তীশগড় মডেল । মোদীয়ে কেৱল ভাষণ হে দি যায় । মোদীয়ে আন লোককো কথা কোৱাৰ সুযোগ নিদিয়ে বুলি তেওঁ অভিযোগ কৰে । তেওঁৰ মতে ছত্তীশগড়ত নিৰ্বাচন অনুষ্ঠিত হ'ব যাৰ বাবে অমিত শ্বাহ আৰু নাড্ডাও ছত্তীশগড়লৈ আহি আছে ।

বাঘেল চৰকাৰক প্ৰশংসা কৰি তেওঁ কয় যে এই চৰকাৰে ৰাজীৱ গান্ধীৰ সপোনবোৰ বাস্তৱায়িত কৰিছে । তেওঁ দাবী কৰা মতে কংগ্ৰেছ চৰকাৰে ১৯ লাখ কৃষকৰ ঋণ মাফ কৰিছিল । তেওঁ নীতি আয়োগৰ প্ৰতিবেদন উল্লেখ কৰি কয় যে ৫ বছৰত ছত্তীশগড়ত ৪০ লাখ লোক দৰিদ্ৰতাৰ পৰা মুকলি হৈছে ।

মল্লিকাৰ্জুন খাৰ্গেয়ে অভিযোগ কৰা মতে কেন্দ্ৰীয় চৰকাৰে ছত্তীশগড়ৰ কৰ্মচাৰীসকলৰ অধিকাৰৰ বাবে ধন দিয়া নাই । তেওঁ উল্লেখ কৰা মতে কংগ্ৰেছ অধিৱেশনৰ দিনা ইডিয়ে কংগ্ৰেছ নেতাসকলৰ ঘৰত তালাচী চলাইছিল । কংগ্ৰেছ কৰ্মীসকলক ভয় খুৱাবলৈ এই পদক্ষেপ লোৱা হৈছিল বুলি তেওঁ অভিযোগ কৰে । ছত্তীশগড়ৰ লোকসকলে ভয় নকৰে প্ৰতিযোগিতাহে কৰে । তেওঁৰ মতে কংগ্ৰেছে দেশখনক বচাবলৈ গৈ আছে ।

ইফালে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমন সিঙক তীব্ৰ সমালোচনা কৰে । মুখ্যমন্ত্ৰীৰ মতে ৰমন সিঙৰ ১৫ বছৰৰ শাসনকালত কৃষকসকলে আত্মহত্যা কৰিছিল । চিটফাণ্ড কোম্পানীৰ কাৰ্যালয় খুলি মানুহৰ ধন লুটি লোৱা হৈছিল বুলি তেওঁ অভিযোগ কৰে । কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰেও পেট্ৰ'ল,ডিজেল আৰু গেছৰ মূল্য বৃদ্ধি কৰি লুণ্ঠন কৰি আছে ।

লগতে পঢ়ক :Biases against women: লিংগ বৈষম্যক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ

ABOUT THE AUTHOR

...view details