আগৰতলা,২৩মে': ত্ৰিপুৰাৰ খোৱাই জিলাৰ অন্তৰ্গত তুলসীগড় বন সংমণ্ডলত দেওবাৰে নিশা এটা মতা হাতী পোৱালীৰ মৃত্যু হয়(Male elephant cub dies in Tripura forest) ৷ বনবিভাগে দাবী কৰা অনুসৰি বজ্ৰপাতৰ ফলতে হাতী পোৱালীটোৰ মৃত্যু হয়(Elephant cub dies due to lightning) । DFO ৰঘুল গেশান বিয়ে এই কথা সদৰি কৰে ।
তেঁও উল্লেখ কৰে যে তেঁওলোকে পুৱাৰভাগত বনকৰ্মীৰ জড়িয়তে এই খবৰ লাভ কৰিছিল । তাৰ পাছতে এই সন্দৰ্ভত উৰ্দ্ধতম কৰতৃপক্ষক অৱগত কৰিছিল । তাৰ পাছতেই বিভাগীয় ভাৰপ্ৰাপ্ত বিষয়া আৰু পশু চিকিৎসকৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় । মৃত্য়ুৰ কাৰণ বিচাৰি হাতী পোৱালীটোৰ মৰণোত্তৰ পৰীক্ষা কৰে আৰু বজ্ৰপাতৰ ফলতেই হাতী পোৱালিটোৰ মৃত্য়ু হোৱা বুলি নিশ্চিত কৰে ।