অসম

assam

ETV Bharat / bharat

Homemade Eye Liner: এই সহজ পদ্ধতিৰে ঘৰতে তৈয়াৰ কৰক কেমিকেল মুক্ত জেল আইলাইনাৰ - ঘৰতে কেনেকৈ আইলাইনাৰ তৈয়াৰ কৰিব পাৰি

আজিৰ সময়ত প্ৰতিগৰাকী মহিলাই চকুত কাজল আৰু আইলাইনাৰ লগাই ভাল পায় । সেইবাবেই বজাৰত সহজেই বহুতো ৰঙীন আই লাইনাৰ পোৱা যায় । আনহাতে লাইনাৰৰ দৰে বিভিন্ন প্ৰকাৰো আছে- মেট আইলাইনাৰ, কাজল আইলাইনাৰ, শুকান আইলাইনাৰ বা জেল আইলাইনাৰ ইত্যাদি ৷ কিন্তু ই কেতিয়াবা অতি ব্যয়বহুল হৈ পৰে সেয়ে জানো আহক কেনেকৈ ঘৰতে অতি সহজে আইলাইনাৰ তৈয়াৰ কৰিব পাৰি ৷

Make chemical free gel eye liner at home in these easy steps
এই সহজ পদ্ধতিৰে ঘৰতে তৈয়াৰ কৰক কেমিকেল মুক্ত জেল আইলাইনাৰ

By

Published : Jun 20, 2023, 8:55 PM IST

আজিৰ সময়ত প্ৰতিগৰাকী ছোৱালীয়ে চকুত কাজল আৰু আইলাইনাৰ ভাল পায় । সেইবাবেই বজাৰত সহজেই বহুতো ৰঙীন আই লাইনাৰ পোৱা যায়। আনহাতে লাইনাৰৰ দৰে বিভিন্ন প্ৰকাৰ আছে- মেট আইলাইনাৰ, কাজল আইলাইনাৰ, শুকান আইলাইনাৰ বা জেল আইলাইনাৰ ইত্যাদি । কিন্তু আজিকালি জেল আইলাইনাৰ আটাইতকৈ ট্ৰেণ্ডিং কাৰণ জেল আইলাইনাৰ এটাতকৈ অধিক ধৰণে ব্যৱহাৰ কৰিব পাৰি ।

এনে পৰিস্থিতিত আজি আমি আপোনালোকৰ বাবে লৈ আহিছো ঘৰতে জেল আইলাইনাৰ বনোৱাৰ পদ্ধতি । এই ঘৰতে বনোৱা আই লাইনাৰটো ৰাসায়নিক মুক্ত হোৱাৰ লগতে বনোৱা আৰু প্ৰয়োগ কৰাটোও অতি সহজ, গতিকে জানো আহক (how to make gel eyeliner at home) ঘৰতে জেল আইলাইনাৰ কেনেকৈ তৈয়াৰ কৰিব পাৰি......

জেল আইলাইনাৰ তৈয়াৰৰ উপকৰণ-

  • পাত্ৰ এটা সৰু
  • ২-৪ টোপাল আই প্ৰাইমাৰ
  • ২-৩ টোপাল নাৰিকল তেল

জেল আইলাইনাৰ কেনেকৈ তৈয়াৰ কৰিব পাৰি?

  • ঘৰতে জেল আইলাইনাৰ কেনেকৈ বনাব পাৰি
  • ঘৰতে জেল আইলাইনাৰ বনাবলৈ প্ৰথমে ১টা খালী পাত্ৰ লওক ।
  • তাৰ পিছত আপুনি ইয়াত ২-৪ টোপাল চকুৰ প্ৰাইমাৰ আৰু ২-৩ টোপাল নাৰিকল তেল দিব ।
  • ইয়াৰ পিছত এই দুয়োটা বস্তু ভালদৰে মিহলাই মসৃণ কৰি লওক ।
  • তাৰ পিছত তাত আপোনাৰ প্ৰিয় যিকোনো ৰং যোগ কৰি ভালদৰে মিহলাই লওক ।
  • এতিয়া আপোনাৰ জেল আইলাইনাৰ সাজু হৈছে ।

ঘৰতে জেল আইলাইনাৰ ব্যৱহাৰৰ পদ্ধতি (how to use gel eyeliner at home)

প্ৰথম পদ্ধতি

যদি আপুনি ধোঁৱাময় চকু বিচাৰে, তেন্তে ইয়াৰ বাবে চকুত আই লাইনাৰ লগাওক । তাৰ পিছত স্মাজ ব্ৰাছৰ সহায়ত লাইনাৰটো চকুৰ তলত লগাব । ইচ্ছা কৰিলে ইয়াত গ্লিটাৰ লগাব পাৰে । এতিয়া আপোনাৰ মেকআপ লুক ৰেডি ।

আন এটা ধৰণেৰে

যদি আপুনি কাজল লগাই ভাল পায় তেন্তে কাজলৰ দৰে এই আই লাইনাৰো চকুত লগাব পাৰে । গ্ৰীষ্মকালত ইয়াৰ দাগো নাথাকে । ইয়াৰ লগে লগে আপোনাৰ চকুজুৰিও অধিক হাইলাইট হৈ পৰে ।

লগতে পঢ়ক:Jagannath Rath Yatra 2023: আজিৰে পৰা আৰম্ভ হ’ল জগন্নাথ ৰথ যাত্ৰা, এই উপলক্ষে চাওক জগন্নাথ ৰথ যাত্ৰাৰ কিছু বিশেষ মূহুৰ্তৰ ছবি

ABOUT THE AUTHOR

...view details