নিউজ ডেস্ক, ১১ নৱেম্বৰ : সমাগত তেলেংগানা নিৰ্বাচন । ইতিমধ্যে ৰাজ্যখনত নিৰ্বাচনী বতাহ গৰম হৈ উঠিছে । তাৰ মাজতে তেলেংগানা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ এক তথ্য পোহৰলৈ আহিছে । এইবাৰৰ নিৰ্বাচনৰ দৌৰত থকা বেছিভাগ প্ৰাৰ্থীয়েই কোটিপতি । কৰ্প'ৰেট খণ্ডৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয়ৰ মালিককে ধৰি আন বহু ব্যৱসায়ীয়ে বিভিন্ন দলৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে । তেওঁলোক দাখিল কৰা নিৰ্বাচনী শপতনামাত ঘোষণা কৰিছে যে তেওঁলোকৰ কোটি কোটি টকাৰ সম্পত্তি আছে ।
আনহাতে, তিনিটা মুখ্য ৰাজনৈতিক দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ সম্পত্তিলৈ লক্ষ্য কৰিলে প্ৰথম তিনিটা স্থানত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে । আনহাতে, চতুৰ্থ স্থানত আছে বিআৰএছৰ প্ৰাৰ্থী ।
৫০ কোটি টকাৰ অধিক সম্পত্তিৰ তথ্য প্ৰদান কৰা প্ৰাৰ্থী হৈছে সকলো দল মিলাই ৫০ জনতকৈ অধিক । অৱশ্যে এয়া বজাৰ মূল্য অনুসৰিহে । কিন্তু যদি প্ৰকৃত মূল্যৰ কথা বিবেচনা কৰা হয়, তেন্তে এই পৰিমাণ কিমান গুণ অধিক ক'ব নোৱাৰি । আনহাতে, কিছুমান প্ৰাৰ্থীৰ সম্পত্তিৰ সিংহভাগ অংশ পতি/পত্নীৰ নামত আছে ।
ইফালে আন কিছুমানে ঘোষণা কৰিছে যে তেওঁলোকৰ নামত কোনো বাহন বা ঘৰ নাই । কোদঙ্গল আৰু কামাৰেড্ডী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা পিচিচি সভাপতি ৰেৱন্ত ৰেড্ডীৰ নামত থকা গোচৰৰ সংখ্যা সৰ্বাধিক ৮৯ টা । আনহাতে, গোশামহলৰ বিজেপি প্ৰাৰ্থী ৰাজসিঙৰ নামত আছে ৭৫ টা গোচৰ । বিগত নিৰ্বাচনৰ তুলনাত শাসকীয় দলৰ কিছু সদস্যৰ বিৰুদ্ধে অৱশ্যে গোচৰৰ সংখ্যা হ্ৰাস পাইছে । তলত দল হিচাপে কোটিপতি প্ৰাৰ্থীৰ কিছুসংখ্যকৰ নাম দিয়া হৈছে :
বিআৰএছ
(কোটি টকাত)
পি শেখৰ ৰেড্ডী (ভুৱনাগিৰি সমষ্টি) - ২২৭.৫১
বি গণেশ (নিজামাবাদ নগৰ সমষ্টি) - ১৯৭.৪০
কে প্ৰভাকৰ (ডুবকা সমষ্টি) - ১২৪.২৪
জনাৰ্দন ৰেড্ডী (নগৰকুৰ্ণুল সমষ্টি) - ১১২.৩৩
ৰাজেন্দ্ৰ ৰেড্ডী (নাৰায়ণা পেটা সমষ্টি) - ১১১.৪২
এম ৰাজশেখৰ (মালকাজিগিৰি সমষ্টি) - ৯৭.০০
মাল্লাৰেড্ডী (মেডচল সমষ্টি) - ৯৫.৯৪
কে উপেন্দ্ৰ ৰেড্ডী (পালেৰু সমষ্টি) - ৮৯.৫৭
বি লক্ষ্মণ ৰেড্ডী (উপ্পল সমষ্টি) - ৮৫.৭৫
এ গান্ধী (চেৰিলিংগাম্পল্লি) - ৮৫.১৪
বিজেপি
(কোটি টকাত)
এম ৰবিকুমাৰ (চেৰিলিংগাম্পল্লী সমষ্টি) - ১৬৬.৯৩
ডি অৰবিন্দ (কোৰুটলা সমষ্টি) - ১০৭.৪৩