অসম

assam

ETV Bharat / bharat

ঋষিকেশত পথ দুৰ্ঘটনাত মৃত্যু বন বিষয়াসহ তিনিজনৰ; দুজন সন্ধানহীন; আহত 6 - Rishikesh road accident

Major accident in Rishikesh: উত্তৰাখণ্ডত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বন বিভাগৰ বিষয়া-কৰ্মচাৰীক কঢ়িয়াই নিয়া এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ তিনিগৰাকী বিষয়া নিহত ৷

Major road accident
Major road accident

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 8:07 PM IST

ঋষিকেশ, 8 জানুৱাৰী:উত্তৰাখণ্ডৰ ডেৰাডুন জিলাৰ ঋষিকেশত ভয়ানক পথ দুৰ্ঘটনা ৷ সোমবাৰে বিয়লি সংঘটিত হয় এই পথ দুৰ্ঘটনাটো ৷ চীলাৰ সমীপত সংঘটিত পথ দুৰ্ঘটনাটোত পতিত হয় বন বিভাগৰ কেবাগৰাকীও বিষয়া-কৰ্মচাৰী ৷ পথৰ কাষত থকা এজোপা গছত খুন্দা মাৰি বাগৰি পৰে বাহনখন ৷ দুৰ্ঘটনাটো ইমানেই ভয়ানক আছিল যে গাড়ীখনত থকা দুগৰাকী বিষয়া উফৰি চীলা শক্তি নগৰত পৰেগৈ ৷

জানিব পৰা মতে, সোমবাৰে বিয়লি সংঘটিত দুৰ্ঘটনাটোত পতিত হোৱা বন বিভাগৰ দহগৰাকী বিষয়া আৰু কৰ্মচাৰী ঋষিকেশ অভিমুখে গৈ আছিল ৷ কিন্তু যাত্ৰা পথতে এই শোকাৱহ ঘটনাটো সংঘটিত হয় ৷ বৰ্তমানলৈকে এই দুৰ্ঘটনাত তিনিগৰাকী লোকৰ মৃত্যু ঘটিছে ৷ মৃত্যু হোৱা সকলৰ ভিতৰত এগৰাকী হৈছে বন সংমণ্ডল বিষয়া চীলা শৈলেশ ঘিল্ডিয়াল ৷ তেওঁ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সচিব মংগেশ ঘিল্ডিয়ালৰ ভাতৃ ৷

চীলা শৈলেশ ঘিল্ডিয়াৰ উপৰিও বন বিষয়া প্ৰমোদ ধ্যানী আৰু শেইফ আলী খান ওৰফে শেফীৰ মৃত্যু হোৱা বুলি ঘোষণা কৰা হৈছে ৷ ইফালে চালক হিমাংশু গোসাঁই আহত হোৱা বুলি জানিব পৰা গৈছে ৷ তাৰোপৰি ৰাজাজী ৰাষ্ট্ৰীয় উদ্যানৰ চিকিৎসক ৰাকেশ ন’টিয়ালো আহত হৈছে ৷ কুলৰাজ সিং, অংকুশ, অমিত সেমৱাল আৰু অশ্বিন (বিজ্জু) আহত হৈছে ৷ তেওঁলোকক ঋষিকেশ এইমছত ভৰ্তি কৰা হৈছে আৰু চিকিৎসকে চিকিৎসা অব্যাহত ৰাখিছে ৷ ইফালে নদীত বাগৰি পৰা দুগৰাকী লোক এতিয়াও সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে ৷

নিৰুদ্দেশ হোৱা লোক দুজনক বিচাৰি উলিয়াবলৈ ডুবাৰুৰ এটা দল অনুসন্ধান অভিযানত নিয়োজিত হৈছে । এই দুৰ্ঘটনা কেনেকৈ সংঘটিত হ’ল সেই সন্দৰ্ভত এতিয়াও কোনো তথ্য লাভ কৰা হোৱা নাই । দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু বন বিভাগৰ দল সেই স্থানত উপস্থিত হয় ৷ তেওঁলোকে লগে লগে উদ্ধাৰ কাৰ্যত নামি পৰে ৷

লগতে পঢ়ক:লাক্ষাদ্বীপ এতিয়া গুগল ছাৰ্চৰ কেন্দ্ৰবিন্দু

ABOUT THE AUTHOR

...view details