হায়দৰাবাদ,26 মে’:মঙলবাৰে বিশাখাপট্টনমৰ হিন্দুস্তান পেট্ৰ'লিয়াম কৰ্প’ৰেচন লিমিটেডৰ শোধনাগাৰত এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয় ৷ বিশাখাপট্টনম এইচপিচিএল-ত সাধাৰণতে তিনিটা শাখা আছে ৷ ইয়াৰে তৃতীয়টোত অগ্নিকাণ্ড সংঘটিত হৈছে ৷ য'ত অত্যাধিক পৰিমাণৰ দাহ্য সামগ্ৰী থাকে ৷
পূৰ্বে এইচপিচিএল শোধনাগাৰত সংঘটিত কেইটামান বৃহৎ অগ্নিকাণ্ডৰ এক আভাস-
22.09.1997:হিন্দুস্তান পেট্ৰ'লিয়ামৰ বিশাখাপট্টনমস্থিত শোধনাগাৰত 6 টা এলপিজি টেংকত সংঘটিত হোৱা বিস্ফোৰণ ইমানেই বিধ্বংসী আছিল যে ৭০ জন লোক নিহত হৈছিল ৷ এই অগ্নিকাণ্ডৰ ক’লা ধোঁৱাই সমগ্ৰ চহৰখন আগুৰি ধৰিছিল ৷ চহৰখনৰ অন্যান্য শোধনাগাৰৰ পৰা অনা বহুতো অগ্নি নিৰ্বাপক যন্ত্ৰ আৰু সঁজুলিৰ দ্বাৰা দুদিনৰ প্ৰচেষ্টাৰ পিছত জুই নুমুৱাবলৈ সক্ষম হৈছিল ৷ উক্ত ঘটনাৰ কেইমাহমান আগতে পাইপলাইনত গেছ লিক হোৱাত ইয়াৰ মেৰামতি ভালদৰে নকৰাৰ ফলতে উক্ত অগ্নিকাণ্ড সংঘটিত হৈছিল ৷
23.08.2013: এইচপিচিএলৰ কুলিং টাৱাৰৰ বিস্ফোৰণ ৷ এই অগ্নিকাণ্ডত 28 জন লোকে প্ৰাণ হেৰুৱাইছিল ৷ 28 জনৰ ভিতৰত এজন এইচপিচিএল কৰ্মচাৰী আৰু বাকীসকল ঠিকাভিত্তিক কৰ্মচাৰী আছিল ৷