নেশ্যনেল ডেস্ক,১৪ জুলাই :ফ্ৰান্স ভ্ৰমণৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰৱাসী ভাৰতীয়সকলক সম্বোধন কৰে । বৃহস্পতিবাৰে ভাৰতীয়সকলক সম্বোধন কৰি তেওঁ কয় যে ভাৰত আৰু ইয়াৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এক উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাৰ সংকল্প লৈ তেওঁ ফ্ৰান্সলৈ গৈছে । তেওঁৰ গোটেই শৰীৰ আৰু সময় দেশবাসীৰ বাবে উছৰ্গিত ।
পেৰিছৰ লা সীন মিউজিকেলত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে আজিৰ ভাৰতে বৰ্তমানৰ প্ৰত্যাহ্বান আৰু দশকজুৰি চলি অহা সমস্যাসমূহৰ স্থায়ী সমাধান বিচাৰি আছে । দেশবাসীয়ে সিদ্ধান্ত লৈছে যে ভাৰতে কোনো সুযোগ হেৰুৱাব নিবিচাৰে বা এটা মুহূৰ্তও অপচয় নকৰে । প্ৰধানমন্ত্ৰী মোডীয়ে দাবী কৰা মতে তেওঁ দেশৰ ভৱিষ্যত গঢ়ি তুলিবলৈ সম্পূৰ্ণ শক্তিৰে কাম কৰি আছে ।
প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কয় যে ভাৰতত এক বৃহৎ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে আৰু তাৰ দায়িত্ব ইয়াৰ নাগৰিকসকলৰ ওপৰত আছে । মোডীয়ে লগতে কয় যে বিশ্বৰ ৪৬ শতাংশ বাস্তৱ-সময়ৰ ডিজিটেল লেনদেন ভাৰতত হয় । ডিজিটেল লেনদেনৰ প্ৰশংসা কৰি তেওঁ উপস্থিত লোকসকলক ভাৰতলৈ আহিলে নগদ ধন লগত অনাৰ প্ৰয়োজন নাই বুলি কয় । লোকসকলে যাতে নগদ ধন অবিহনে ভাৰত ভ্ৰমণ কৰে তাৰো আহ্বান জনায় । স্মাৰ্টফোনত ইউপিআই থাকিলেই হ'ব বুলিও তেওঁ উল্লেখ কৰে । নগদ ধন অবিহনে ইউপিআইৰ জৰিয়তে সমগ্ৰ ভাৰত ভ্ৰমণ কৰিব পাৰিব বুলিও দাবী কৰে প্ৰধানমন্ত্ৰীয়ে ।