নেশ্যনেল ডেস্ক,৩ নৱেম্বৰ :ধনৰ বিনিময়ত লোকসভাত প্ৰশ্ন কৰাৰ অভিযোগ উত্থাপন হোৱা তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ গুৰুতৰ অভিযোগ । সংসদৰ নৈতিকতা সমিতিয়ে তেওঁক মৌখিক উৎপীড়ন কৰাৰ অভিযোগ কৰে । এইবাৰ আন এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সাংসদগৰাকীৰ । সংসদৰ নৈতিকতা সমিতিৰ তদন্তৰ সন্মুখীন হোৱা সাংসদগৰাকীয়ে নিজৰ পৰিস্থিতি মহাভাৰতৰ অন্যতম চৰিত্ৰ দ্ৰৌপদীৰ সৈতে তুলনা কৰে । কৃষ্ণনগৰৰ সাংসদগৰাকীয়ে নিৰ্ভয়াকাণ্ডৰ সময়ত কবি পুষ্পমিত্ৰ উপাধ্যায়ে লিখা এটা কবিতাৰ আলম লৈ কয় যে তেওঁৰ পৰিস্থিতি দ্ৰৌপদীৰ সৈতে একে । এক্সৰ এটা পোষ্টত হিন্দীত লিখা কবিতাটোৰ শেষত তেওঁ লিখিছে, "ভগৱান কৃষ্ণ আপোনাক সুৰক্ষা দিবলৈ নাহে । সেয়েহে, দ্ৰৌপদী তুমি নিজে হাতত অস্ত্ৰ তুলি লোৱা ।"
উল্লেখ্য যে ২০১২ চনত দিল্লীত সংঘটিত নিৰ্ভয়াকাণ্ডই সমগ্ৰ দেশ জোকাৰি গৈছিল । ঘটনাটোৰ ভুক্তভোগীসকলে ১০ বছৰ ধৰি ন্যায়ৰ হকে মাত মাতিবলগীয়া হৈছিল । সেই সময়ত কবি পুষ্পমিত্ৰ উপাধ্যায়ে এটা কবিতা লিখিছিল । তেওঁৰ সেই কবিতাটো বিভিন্ন সময়ত চৰ্চাও হৈছিল । কবিগৰাকীয়ে ন্যায়িক ব্যৱস্থাক অপশাসনৰ সৈতে তুলনা কৰিছিল আৰু মহিলাসকলে নিজেই উৎপীড়নৰ বিৰুদ্ধে মাত মাতিব লাগে বুলি বাৰ্তা প্ৰেৰণ কৰিছিল । তেওঁ সংবাদ মাধ্যমৰ নিৰপেক্ষতাক লৈও প্ৰশ্ন উত্থাপন কৰিছিল । সেই কবিতাটোৰ আলম লৈয়ে মহুৱা মৈত্ৰই বিশেষ পোষ্ট কৰে ।