অসম

assam

ETV Bharat / bharat

আৰিয়ান খানৰ গোচৰত NCB ৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্নৰ অৱতাৰণা - শ্বাহৰুখ খান

আৰিয়ান খানৰ গোচৰত NCB ৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্নৰ উত্থাপন কৰিছে মহাৰাষ্ট্ৰৰ এগৰাকী মন্ত্ৰীয়ে ৷ গোচৰ সন্দৰ্ভত NCB ৰ বিৰুদ্ধে তথ্য ৰাজহুৱা কৰিলে মন্ত্ৰী গৰাকীয়ে ৷ সবিশেষ জানো আহক ৷

mahrastra-minister-being-vocal-against-ncb-in-aryan-khan-case
আৰিয়ান খানৰ গোচৰত NCB ৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্নৰ অৱতাৰণা কৰিলে কোন মন্ত্ৰীয়ে ?

By

Published : Oct 16, 2021, 6:15 PM IST

নিউজ ডেস্ক, 16 অক্টোবৰ :মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিক drugs-on-cruise গোচৰৰ তদন্তৰ মাজতে ড্ৰাগছ বিৰোধী সংস্থা এনচিবি (Narcotics Control Bureau)ৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে ৷ এই গোচৰত চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক আন কেইবাজনো লোকৰ সৈতে চলিত মাহৰ আৰম্ভণিতে গ্ৰেপ্তাৰ কৰা হৈছিল । মন্ত্ৰী মালিকে গোচৰটোৰ মুখ্য অনুসন্ধানকাৰী বিষয়া সমীৰ ৱানখেড়েকো আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে ।

তেওঁৰ অভিযোগ অনুসৰি এনচিবিৰ বিষয়াসকলে কিছু ক্ষেত্ৰত সাক্ষী হিচাপে তেওঁলোকৰ পৰিচিত লোক সকলক বাছনি কৰি লৈছে ৷ এই সন্দৰ্ভত মালিকে আজি কিছুমান ফটো শ্বেয়াৰ কৰি সাংবাদিকক কয় : "ছবিখনত দেখা ব্যক্তিজন ফ্লেচাৰ পেটেল আৰু তেওঁৰ ছবি এনচিবি বিষয়া সমীৰ ৱানখেড়েৰ ভগ্নী জেছমিন ৱানখেড়েৰ সৈতে আছে ।"

তেওঁ আৰিয়ান খান গোচৰৰ তদন্ত কৰি থকা শ্ৰীযুত ৱানখেড়েৰ আন এখন ফটোও শ্ৰীযুত পেটেলৰ সৈতে শ্বেয়াৰ কৰে আৰু দাবী কৰে যে তেওঁলোকে ইজনে সিজনক ভালদৰে জানে । এনচিবি বিষয়াসকলে কেনেকৈ তেওঁলোকৰ পৰিচিত লোক সকলক গোচৰটোৰ সাক্ষী হিচাপে কেনেকৈ বাচনি কৰিব পাৰে বুলিও এনচিপিৰ নেতাজনে প্ৰশ্নৰ উত্থাপন কৰে । তেওঁৰ কেইবাটাও টুইটযোগে এই অভিযোগৰ পুনৰাবৃত্তি কৰে ৷

লক্ষ্যণীয়ভাৱে শুকুৰবাৰে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়েও ৰাজ্যখনত ড্ৰাগছৰ অভিযানক লৈ বিজেপিক তীব্ৰ সমালোচনা কৰে । তেওঁ প্ৰশ্ন কৰে যে কেৱল মহাৰাষ্ট্ৰত হে ড্ৰাগছ বিৰোধী অভিযান চলিছে নেকি ? মুন্দ্ৰা বন্দৰৰ পৰা কোটি কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে ৷ কিন্তু, এনে সংস্থাবোৰে (এনচিবি) নাম মাত্ৰ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ সংস্থাটোক কঠোৰ সমালোচনা কৰি তেওঁলোক কেৱলমাত্ৰ চেলিব্ৰিটিসকলক ধৰি আৰু ফটো তুলিবলৈ আগ্ৰহী বুলি অভিযোগ কৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

উল্লেখযোগ্য যে, ৩ অক্টোবৰত গ্ৰেপ্তাৰ হোৱাৰ পিছত এতিয়ালৈকে চাৰিবাৰকৈ আৰিয়ান খানৰ জামিন প্ৰত্যাখ্যান কৰা হৈছে । অভিযানৰ সময়ত তেওঁৰ সৈতে ভাইৰেল চেলফিত দেখা পোৱা কেপি গোচাভি এজন ব্যক্তিগত অনুসন্ধানকাৰী, নৱাব মালিকে নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)ৰ অভিযানত কেনেকৈ বাহিৰৰ লোকক অনুমতি দিয়া হৈছিল বুলিও প্ৰশ্ন উত্থাপন কৰিছে ৷

লগতে পঢ়ক :কাৰাবন্দী হাচিবুলৰ মৃত্যু প্ৰকৃততে আত্মহত্যা আছিল নে ?

ABOUT THE AUTHOR

...view details