অসম

assam

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 2:09 PM IST

ETV Bharat / bharat

BJP Mahila Morcha thanking PM Modi: নাৰী সংৰক্ষণ বিধেয়কৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন মহিলা মৰ্চাৰ

নাৰী সংৰক্ষণ বিধেয়ক গৃহীত হোৱাৰ বাবে বিজেপিৰ মহিলা মৰ্চাই প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে । দিল্লীৰ মুখ্য কাৰ্যালয়ত মহিলা মৰ্চাই তেওঁক আদৰণি জনায় ।

BJP Mahila Morch thank PM Modi
নাৰী সংৰক্ষণ বিধেয়কৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন মহিলা মৰ্চাৰ

নেশ্যনেল ডেস্ক, ২২ ছেপ্টেম্বৰ :নাৰী সংৰক্ষণ বিধেয়ক গৃহীত হোৱাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বিভিন্নজনে অভিনন্দন জনোৱা দেখা গৈছে । বিধেয়ক গৃহীত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মঙলবাৰে দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত উষ্ম আদৰণি জনোৱা হয় । এই বিশেষ ক্ষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ সকলো মহিলাক অভিনন্দন জনায় । তেওঁ উল্লেখ কৰা মতে, তেওঁ ভৱিষ্যতে এক নতুন ইতিহাস সৃষ্টি হোৱা দেখিছে । এয়া তেওঁৰ সৌভাগ্য যে কোটি কোটি মানুহে বিজেপিক সেই ইতিহাস সৃষ্টি কৰাৰ সুযোগ দিছে ।

নাৰী সংৰক্ষণ বিধেয়ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, এই নাৰী সংৰক্ষণ বিধেয়কৰ পথত বহুতো বাধা আছে । কিন্তু যেতিয়া উদ্দেশ্য ভাল হয় আৰু প্ৰচেষ্টাত স্বচ্ছতা থাকে সকলো প্ৰতিকূলতা অতিক্ৰম কৰাৰ পাছত ফলাফল দেখিবলৈ পোৱা যায় । এয়া এক অভিলেখ বুলি তেওঁ দাবী কৰে । এই বিধেয়কখনে সংসদত যিধৰণে সমৰ্থন লাভ কৰিছে, তাৰ বাবে তেওঁ সকলো ৰাজনৈতিক দল আৰু সাংসদসকলকো ধন্যবাদ জ্ঞাপন কৰে ।

সংসদৰ দুয়োখন সদনতে 'নাৰী শক্তি বন্দন অধিনিয়ম' (নাৰী সংৰক্ষণ বিধেয়ক) গৃহীত হোৱাৰ এদিন পাছতে দিল্লীত বিজেপিৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ চৌহদত মহিলা মৰ্চাৰ সদস্য আৰু নেতাসকলে প্ৰধানমন্ত্ৰীক আদৰণি জনায় । নাৰী সংৰক্ষণ বিধেয়কে ৰাজ্যসভাত অন্তিম আইনী বাধা অতিক্ৰম কৰে । এই বিধেয়কৰ উদ্দেশ্য হৈছে লোকসভাৰ লগতে ৰাজ্যিক বিধানসভাসমূহত মহিলাসকলৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ নিশ্চিত কৰা ।

নাৰী সংৰক্ষণ বিধেয়ক গৃহীত হোৱাৰ পাছতে বিজেপি কৰ্মীসকলে দলীয় কাৰ্যালয়ত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰে । এই অনুষ্ঠানত মহিলা মৰ্চাৰ এগৰাকী সদস্যই কয় যে, এই বিধেয়কখনে ২৭ বছৰ ধৰি অপেক্ষা কৰি আছিল । এক ঐতিহাসিক যুগৰ আৰম্ভ হোৱা বুলিও তেওঁ উল্লেখ কৰে । এই বিধেয়কখন সোণালী যুগত গৃহীত হোৱা বুলিও তেওঁ উল্লেখ কৰে । তেওঁ জনোৱা মতে মহিলাসকলৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ দিন ।

লগতে পঢ়ক :Nari Shakti Vandan Adhiniyam: নাৰী সংৰক্ষণ বিধেয়ক সংশোধনৰ দাবী কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details