এটা শতিকাৰো অধিক সময়ৰ পূৰ্বে ১৯২১ চনৰ ২২ ছেপ্টেম্বৰত গুজৰাটী পোছাক ত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল মহাত্মা গান্ধীয়ে । গুজৰাটী পোছাক এৰি পৰিধান কৰা নতুন সাজযোৰৰ বাবে তেওঁক অভিহিত কৰা হৈছিল অৰ্ধ-উলংগ ফকীৰ হিচাপে । যিটো ঘৰত তেওঁ নিজৰ পুৰণি সাজ এৰি নতুন সাজ পৰিধান কৰিছিল, উক্ত ঘৰটোৱেই এতিয়া খাদী এম্পোৰিয়াম নামেৰে জনাজাত ।
একবস্ত্ৰ পৰিধান কৰাৰ কাৰণ হিচাপে মহাত্মা গান্ধীয়ে ভাৱিছিল যে, যদি দৰিদ্ৰ লোকসকলৰ পৰা তেওঁ পৃথক হৈ থাকে, তেন্তে তেওঁ কেনেকৈ নিজকে তেওঁলোকৰ সৈতে একে বুলি পৰিচয় দিব পাৰিব ।
গান্ধীজীয়ে কৈছিল, "মই মোৰ জীৱনকালত কৰা সকলো পৰিৱৰ্তন গুৰুত্বপূৰ্ণ কাৰণৰ দ্বাৰা প্ৰভাৱিত হৈছে আৰু সেই পৰিৱৰ্তনবোৰ ইমান গভীৰ চিন্তা-চৰ্চাৰ পিছত কৰা হৈছে যে, মই সেই সিদ্ধান্তক লৈ অনুশোচনা কৰিব লগা হোৱা নাই । সেয়ে, মোৰ জীৱনলৈ সেই পৰিৱৰ্তন আনিছিলো । মোৰ পোছাকত এই আমূল পৰিৱৰ্তন মই মাদুৰাইলৈ যোৱাৰ সময়ৰ এক প্ৰভাৱ" ।
জাতিৰ পিতা মহাত্মা গান্ধীয়ে যি প্ৰচাৰ কৰিছিল, সেয়া তেওঁ নিজেও কৰি দেখুৱাইছিল । প্ৰতিজন মানুহে নিজে কপাহী সূতা তৈয়াৰ কৰিব লাগে আৰু নিজৰ কাপোৰ নিজে প্ৰস্তুত কৰিব লাগে । এই পোছাকযোৰে তেওঁক এফালে ফুলৰ থোপা আৰু আনফালে ককৰ্থনা দিছিল । ৰজা পঞ্চম জৰ্জে বাকিংহাম পেলেচলৈ গান্ধীক নিমন্ত্ৰণ কৰাটো উল্লেখযোগ্য আছিল । গান্ধীৰ পোছাক আদালতৰ শিষ্টাচাৰ বিৰোধী আছিল ।