নেশ্যনেল ডেস্ক,১৪ জুলাই: পুনৰ ভাৰতীয় আৱেগত কুঠাৰাঘাট । বুধবাৰে কানাডাত দুৰ্বৃত্তই কলুষিত কৰিলে মহাত্মা গান্ধীৰ এটা প্ৰতিমূৰ্তি (Gandhi Statue Defaced In Canada) । ঘটনা সন্দৰ্ভত টৰন্টোত থকা ভাৰতৰ কনচুলেট জেনেৰেলে টুইটযোগে উদ্বেগ প্ৰকাশ কৰিলে (Consulate General of India in Toronto Canada) । কানাডাৰ ৰিচমণ্ড পাহাৰ অঞ্চলৰ বিষ্ণু মন্দিৰত থকা মূৰ্তিটো ভঙাৰ খবৰ বিয়পি পৰিছে সৰ্বত্ৰে ।
এই ঘটনাই বিশেষভাৱে ভাৰতীয় অনুভুতিত আঘাট হনা বুলি মন্তব্য প্ৰকাশ কৰে জেনেৰেলগৰাকীয়ে । কনচুলেট জেনেৰেলগৰাকীয়ে টুইটটোত উল্লেখ কৰে যে এই ঘটনা সন্দৰ্ভত তদন্তৰ ব্যৱস্থা কৰা হৈছে ।