নিউজ ডেস্ক,29 জানুৱাৰী: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে ২৬ মাৰ্চৰ পৰা নাচিকত অনুষ্ঠিত হ'বলগীয়া ৯৪ তম অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মীলন খনৰ বাবে ৫০ লাখ টকাৰ অনুদান দিয়াৰ কথা ঘোষণা কৰিছে । শুকুৰবাৰে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা প্ৰকাশ হোৱা এটা বিবৃতিত উল্লেখ কৰা হৈছে এই কথা ।
শুকুৰবাৰে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক বিবৃতি অনুসৰি, এই বাৰ্ষিক সাহিত্য সভাখন গোখলে শিক্ষা ট্ৰাষ্ট চৌহদত অনুষ্ঠিত হ'ব ৷ প্ৰবীণ বিজ্ঞান লেখক আৰু বিশ্লেষক জয়ন্ত নাৰ্লিকাৰক উক্ত সন্মিলন খনৰ সভাপতি হিচাপে নিযুক্ত কৰা হৈছে ।