নেশ্যনেল ডেস্ক,২২ জুলাই : মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ ইৰ্শালৱাড়ী গাঁৱত ভূমিস্খলনত নিহতৰ সংখ্যা ২২ লৈ বৃদ্ধি পাইছে । NDRFৰ উদ্ধাৰকাৰী দলে শনিবাৰেও ৰায়গড়ৰ ভূমিস্খলন হোৱা অঞ্চলটোত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । বুধবাৰে নিশা সংঘটিত হৈছিল এই ভূমিস্খলন ।
যোৱা ১৯ জুলাইৰ পৰা এতিয়ালৈকে উদ্ধাৰকাৰী দলে সেই স্থানৰ পৰা ২২ টা মৃতদেহ উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে । এনডিআৰএফৰ এটা দল পুৱা ঘটনাস্থলীত উপস্থিত হৈছে আৰু উদ্ধাৰ অভিযান পুনৰ আৰম্ভ কৰিছে ।
জানিব পৰা মতে শিৱসেনাৰ (ইউবিটি) মুৰব্বী উদ্ধৱ ঠাকৰেয়ে পুৱা অঞ্চলটোৰ সমীপত থকা মন্দিৰত আশ্ৰয় লোৱা ভুক্তভোগী লোকসকলক সাক্ষাৎ কৰে । মুম্বাইৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ দূৰৈত ৰায়গড় জিলাৰ খালাপুৰ তহচিলৰ পাহাৰীয়া অঞ্চলটোত অৱস্থিত জনজাতীয় গাঁওখনত বুধবাৰে নিশা প্ৰায় ১১ বজাত ভূমিস্খলন হৈছিল । গাঁওখনৰ প্ৰায় ৯০ শতাংশ অংশ ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে । ভূমিস্খলনৰ পাছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে অঞ্চলটো পৰিদৰ্শন কৰে আৰু উদ্ধাৰ আৰু সাহায্য ব্যৱস্থাৰ বুজ লয় । আনহাতে ৰাজ্য চৰকাৰে মৃতকৰ পৰিয়ালক ৫ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে ।