নিউজ ডেস্ক, 5 জুন : মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেয়ে (CM Eknath Shinde) সোমবাৰে ৰাজহুৱাভাৱে কয় যে, শিৱসেনাৰ নেতৃত্বৰ বিৰুদ্ধে তেওঁৰ শেহতীয়া "বিদ্ৰোহৰ" আঁৰত বিজেপিৰ সক্ৰিয় ভূমিকা আছে । সিন্দেয়ে কয় যে, গুজৰাটৰ পৰা গুৱাহাটীলৈ যোৱাৰ পিছত তেওঁ ফাড়নাভিছক লগ কৰিছিল ৷ সেই সময়ত তেওঁৰ গোটৰ বিধায়কসকল শুই আছিল ৷ কিন্তু বিধায়কসকল সাৰ পোৱাৰ আগতেই তেওঁ গুৱাহাটীলৈ উভতি আহিছিল । সদনত আস্থা ভোট লাভ কৰাৰ পিছত ৰাজ্যিক বিধানসভাত সিন্দেৰ মন্তব্যই স্পষ্ট কৰি দিয়ে যে, এই সময়ছোৱাত বিজেপি নেতা তথা বৰ্তমানৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছ, সিন্দে নেতৃত্বাধীন গোটটোৰ কাৰ্যকলাপত সক্ৰিয়ভাৱে জড়িত আছিল (Maharashtra politics)।
সিন্দে গোটৰ বিধায়কসকলে যোৱা মাহৰ শেষৰ ফালে গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লুত শিবিৰ পাতি আছিল ৷ কিন্তু খবৰ আহিছিল যে, সিন্দে গুৱাহাটীৰ পৰা গুজৰাট পাইছিল আৰু ফাড়নাভিছৰ সৈতে গোপন বৈঠক আয়োজন কৰিছিল । প্ৰতিবেদনত দাবী কৰা হৈছে যে ৰাতিপুৱা হোৱাৰ আগতে, সিন্দে গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লুলৈ উভতি আহিছিল, য'ত তেওঁ 40 জন বিধায়কৰ সৈতে শিবিৰ পাতি আছিল (Eknath Shinde tells how Uddhav Thackeray govt collapse)।