নেশ্যনেল ডেস্ক,২১ জুলাই :নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ মুৰব্বী শৰদ পাৱাৰৰ বাবে আন এক নিৰাশাজনক খবৰ । নাগালেণ্ডৰ এনচিপিৰ ৭ জন বিধায়কেও শৰদ পাৱাৰৰ সংগ এৰিলে । এনচিপিৰ অজিত পাৱাৰ গোটলৈ নাগালেণ্ডৰ এই ৭ বিধায়কে সমৰ্থন পত্ৰ প্ৰেৰণ কৰিছে । এনচিপি নাগালেণ্ডৰ সভাপতি ৱান্থুঙ্গো ওডুৱে নিশ্চিত কৰিছে যে উত্তৰ-পূব ৰাজ্যখনৰ এনচিপিৰ ৭ জন বিধায়কে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ পক্ষত আছে । ৱান্থুংগো ওডুৱে কয় যে তেওঁ বৃহস্পতিবাৰে পুৱা তেওঁলোকৰ সমৰ্থন পত্ৰ এনচিপিৰ শীৰ্ষ নেতৃত্বক হস্তান্তৰ কৰিছে ।
উল্লেখ্য যে এই মাহৰ আৰম্ভণিতে, এনচিপিৰ নেতা অজিত পাৱাৰে দলৰ আন ৮ জন বিধায়কৰ সৈতে বিজেপি-শিৱসেনা চৰকাৰত যোগদান কৰে । অজিত পাৱাৰৰ ৰাজনৈতিক কৌশলে তেওঁৰ খুৰাক শৰদ পাৱাৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা দলটোক দুটা ভাগত বিভক্ত কৰে আৰু ইয়াৰ দ্বাৰা ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সমীকৰণো সলনি কৰে ।
অজিত পাৱাৰে ইতিমধ্যে প্ৰফুল পেটেল, ছগন ভুজবল আৰু দিলীপ ৱালছে পাটিলৰ দৰে জ্যেষ্ঠ এনচিপি নেতাৰ পৰা সমৰ্থন লাভ কৰিছে আৰু তেওঁৰ গোটটোক প্ৰকৃত এনচিপি বুলি দাবী কৰিছে । একে সময়তে, শৰদ পাৱাৰেও বিদ্ৰোহী নেতাসকলক বহিষ্কাৰ কৰি নিজকে দলৰ মুৰব্বী বুলি দাবী কৰিছে ।
বিগত বছৰ যি ধৰণে একনাথ সিন্দে গোটে শিৱসেনাক বিভাজন কৰিছিল আৰু বিজেপিৰ সৈতে মিত্ৰতা কৰিছিল । লগতে উদ্ধৱ ঠাকৰে নেতৃত্বাধীন মহা বিকাশ আঘাদী চৰকাৰ ক্ষমতাৰ পৰা বাহিৰ হৈছিল আৰু সিন্দে মুখ্যমন্ত্ৰীৰ আসন বহে । ঠিক তেনেদৰেই এনচিপিৰ অজিত পাৱাৰেও একেই বিভাজনৰ ৰাজনীতি কৰা দেখা গৈছে । ইতিমধ্যে অজিত পাৱাৰৰ লগতে বিদ্ৰোহী এনচিপি বিধায়কসকলক মহাৰাষ্ট্ৰ চৰকাৰৰ বিভিন্ন দপ্তৰ প্ৰদান কৰা হৈছে । একে সময়তে শৰদ পাৱাৰেও ৰাজনৈতিক অভিজ্ঞতাক অথলে যাবলৈ দিয়া নাই আৰু দলটোক পুনৰ শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছে ।
লগতে পঢ়ক :Richest and Poorest MLAs in country: দেশৰ আটাইতকৈ ধনী আৰু দুখীয়া বিধায়ক কোন জানেনে ?